নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিমানবন্দৰত হঠাতে বিমান ঘেৰি জুম বান্ধিলে মৌমাখি

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু বিমানবন্দৰৰ বিমানত এজাক মৌমাখিয়ে ল’লে জিৰণি। এই দৃশ্য বন্দী কৰা এগৰাকী যুৱকৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত হৈ পৰিছে ভাইৰেল। জানিব পৰা মতে, কালি বিমান বন্দৰটোত পাৰ্কিং কৰি থোৱা আছিল এয়াৰ বিস্তাৰাৰ এখন বিমান।

কিন্তু জনসমাগমৰ মাজতে হঠাতে এজাক মৌমাখি উৰি আহি মূল দুৱাৰৰ কাষৰ খিৰিকীত গোট খাব ধৰে। প্লেনখনক চাৰিওফালৰ পৰা ঘেৰি ধৰি কিছু সময় পিছতে সহস্ৰ মৌমাখি এটা ঠাইত জমা হৈ ডাঙৰ থূপৰ আকাৰ লয়। বিমানৰ ভিতৰত থকা বিমান কৰ্মচাৰীক আঁতৰ কৰোৱাৰ লগতে বন্দৰৰ গ্ৰাউণ্ড ষ্টাফক আঁতৰ কৰি শেষলৈ ফায়াৰ ব্ৰিগেডৰ পানীৰে গুচোৱা হয় মৌমাখি।

You might also like