দিল্লী মেট্ৰোৰ সম্প্ৰসাৰণ প্ৰকল্পত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
আজি ২৪ ডিচেম্বৰ ২০২৫ তাৰিখে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত দিল্লী মেট্ৰোৰ সম্প্ৰসাৰণ প্ৰকল্পত অনুমোদন জনোৱা হয়। কেন্দ্ৰীয় চৰকাৰে ১২,০১৫ কোটি টকাৰ এই প্ৰকল্পটোক অনুমতি প্ৰদান কৰিছে। চৰকাৰী তথ্য অনুসাৰে, দিল্লী মেট্ৰোৰে দৈনিক প্ৰায় ৬৫ লাখ লোকে যাত্ৰা কৰে।
এই প্ৰকল্পৰ অধীনত ১৩টা নতুন মেট্ৰো ষ্টেচন নিৰ্মাণ কৰা হ’ব, য’ত ১০টা আণ্ডাৰগ্ৰাউণ্ড ষ্টেচন আৰু ৩টা এলিভেটেড ষ্টেচন থাকিব। অনুমান কৰা হৈছে যে এই প্ৰকল্পটো ৩ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব।
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, “কেন্দ্ৰীয় কেবিনেটে দিল্লী মেট্ৰোৰ ফেজ–৫এ প্ৰকল্পত অনুমোদন দিছে, য’ত ১৩টা ষ্টেচন থাকিব। ১২,০১৫ কোটি টকা ব্যয়েৰে ১৬ কিলোমিটাৰ দীঘল নতুন মেট্ৰো লাইন স্থাপন কৰা হ’ব। ইয়াৰ ফলত দিল্লী মেট্ৰো নেটৱৰ্ক ৪০০ কিলোমিটাৰতকৈ অধিক হ’ব।”
- ৰামকৃষ্ণ আশ্ৰম মাৰ্গৰ পৰা ইন্দ্ৰপ্ৰস্থলৈ ৯.৯ কিলোমিটাৰ মেট্ৰো ট্ৰেক বৃদ্ধি কৰা হ’ব, যাৰ ব্যয় হ’ব ৯,৫৭০.৪ কোটি টকা।
- এয়াৰ’চিটীৰ পৰা এয়াৰপ’ৰ্ট টাৰ্মিনেল–১লৈ ২.৩ কিলোমিটাৰ ট্ৰেক বৃদ্ধি কৰা হ’ব, যাৰ ব্যয় হ’ব ১,৪১৯.৬ কোটি টকা।
- তুগলকাবাদৰ পৰা কালিন্দী কুঞ্জলৈ ৩.৯ কিলোমিটাৰ ট্ৰেক বৃদ্ধি কৰিবলৈ ১,০২৪.৮ কোটি টকা ব্যয় হ’ব।
দিল্লী মেট্ৰো সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰ চৰকাৰে ১,৭৫৯ কোটি টকা দিব, আৰু দিল্লী চৰকাৰেও সমান পৰিমাণৰ অৰ্থাৎ ১,৭৫৯ কোটি টকা যোগান ধৰিব। বাকী প্ৰায় ৫ হাজাৰ কোটি টকা ঋণ হিচাপে লোৱা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ মতে, এই মেট্ৰো সম্প্ৰসাৰণৰ ফলত দিল্লীত প্ৰদূষণ আৰু যান-জঁট যথেষ্ট পৰিমাণে হ্ৰাস পাব।
ডিজিটেল ডেস্ক, ২৪ ডিচেম্বৰ