হিট এণ্ড ৰান গোচৰ : অভিনেত্রী নন্দিনী কাশ্যপ-ৰ জামিন মঞ্জুৰ
অৱশেষত মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্রশস্ত হ’ল হিট এণ্ড ৰান গোচৰত অভিযুক্ত অভিনেত্রী নন্দিনী কাশ্যপৰ৷ কামৰূপ মহানগৰ জিলাৰ সত্র ন্যায়াধীশৰ আদালতে নন্দিনীৰ জামিন মঞ্জুৰ কৰিছে৷
শেহতীয়াকৈ হিট এণ্ড ৰান গোচৰটোত আৰক্ষীয়ে অভিযোগনামা দাখিল কৰাৰ পৰিপ্রেক্ষিততে তেওঁৰ জামিন মঞ্জুৰ কৰা হৈছে বুলি সদৰী কৰিছে তেওঁৰ হৈ আদালতত যুক্তি প্রদর্শন কৰা অধিবক্তা বিজন মহাজনে৷ অধিবক্তাগৰাকীয়ে সংবাদ মাধ্যমত সদৰী কৰা অনুসৰি ৫০ হাজাৰ টকাৰ আমানত ধন আৰু দুজন জামিনদাৰৰ বিনিময়ত নন্দিনীৰ জামিন মঞ্জুৰ কৰা হৈছে৷
অৱশ্যে অভিনেত্রীগৰাকীক আন কেইবাটাও চর্ত আদালতে বান্ধি দিছে৷ সেই অনুসৰি বিচাৰ প্রক্রিয়াৰ বাবে নির্ধাৰিত দিনত তেওঁ আদালতত হাজিৰ হ’ব লাগিব৷ অভিনেত্রীগৰাকীয়ে নিজৰ পাছপ’ট বিচাৰ প্রক্রিয়া চলি থকা আদালতত দাখিল কৰিব লাগিব৷ জামিনত থকাৰ সময়ছোৱাত কোনো কাৰণতে কোনো সাক্ষীক তেওঁ প্রভাৱান্বিত বা হেঁচা প্রয়োগ কৰিব নোৱাৰিব বুলিও অধিবক্তা মহাজনে উল্লেখ কৰিছে৷
তেওঁ লগতে কয় যে অভিনেত্রীগৰাকীৰ বিৰুদ্ধে বিভিন্ন ধাৰা গোচৰটোত সন্নিৱিষ্ট কৰা হৈছে৷ বিশেষকৈ ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ ধাৰা গোচৰটোত সন্নিৱিষ্ট কৰা হৈছে৷ এই ধাৰা সংযোজন হ’ব নালাগে বুলিও আদালতত যুক্তি প্রদর্শন কৰা হৈছে৷ এইক্ষেত্রত উচ্চতম ন্যায়ালয়ৰ কেতবোৰ নির্দেশনা আদালতৰ মজিয়াত উল্লেখ কৰা হৈছে৷ অৱশ্যে এই বিষয়সমূহ বিবেচনা কৰি কোনো নির্দেশ দিয়াৰ পৰিৱর্তে গোচৰটোত অভিযোগনামা দাখিল কৰাৰ বাবে নন্দিনীৰ জামিন মঞ্জুৰ কৰিছে বুলি মহাজনে সংবাদ মাধ্যমৰ সন্মুখত প্রকাশ কৰিছে৷
উল্লেখ্য যে ২৫ জুলাইৰ নিশা নন্দিনীয়ে চলাই অহা এখন চাৰিচকীয়া বাহনৰ খুন্দাত এজন যুৱক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছিল৷ কিন্তু যুৱকজনক সহায় কৰাৰ পৰিৱর্তে নন্দিনীয়ে সেই স্থান পৰিত্যাগ কৰে৷ পৰৱর্তী সময়ত যুৱকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হয়৷
মগজুকে ধৰি শৰীৰৰ কেইবাটাও স্থানত আঘাত পোৱা যুৱকজনৰ ক্রমাৎ স্বাস্থ্যৰ অৱনতি ঘটাত ২৯ জুলাইত এখন ব্যক্তিগত হাস্পতাললৈ স্থানান্তৰ কৰা হয়৷ সেইদিনা নিশাই যুৱকজনৰ মৃত্যু ঘটে৷ এই ঘটনাই ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ পাছত ৩০ জুলাইত দিছপুৰ আৰক্ষীয়ে নন্দিনীক গ্রেপ্তাৰ কৰে৷ তেতিয়াৰ পৰাই তেওঁ কেন্দ্রীয় কাৰাগাৰত কাৰাবন্দী হৈ আছিল৷
Niyomiya Barta desk, 9 September