নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মদগর্বী ট্রাম্পৰ ছন্দপতন

কেতিয়াবা মৃত্যুমুখী অর্থনীতিৰ দেশ, কেতিয়াবা কৰৰ ৰজা আৰু কেতিয়াবা চীনৰ অন্ধকাৰত চামিল হোৱা বুলি ভাৰতবর্ষক উপহাস কৰা মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে সুৰ সলাবলৈ বাধ্য হৈছে৷ দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্রপতিৰ আসনত অধিষ্ঠিত হৈয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীক ঘনিষ্ঠ বন্ধুৰূপে চিনাকি দিলেও মার্কিন ৰাষ্ট্রপতিগৰাকীৰ ভূমিকাক লৈ সন্দেহ–শংকা আঁতৰি যোৱা নাছিল৷ মতলবী আৰু মদগর্বী ড’নাল্ড ট্রাম্পে কেতিয়া কি সিদ্ধান্ত গ্রহণ কৰে তাৰ কোনো ঠিকনা নাই৷ মার্কিন প্রশাসনত তেওঁৰ কথাই আইনত পৰিণত হয়৷ গণতান্ত্রিক পৰিকাঠামোত কুঠাৰাঘাত কৰা ট্রাম্পে বন্ধুত্বৰ দোহাই দি ক্ষমতালৈ অহাৰ পিছতে ভাৰতত উৎপাদিত সামগ্রীৰ ওপৰত ৫০ শতাংশ শুল্ক জাপি দিয়ে৷ বিশ্বৰ এনে এখন দেশ নাই যিখন দেশৰ স’তে আমেৰিকাৰ প্রত্যক্ষ বা পৰোক্ষ বাণিজ্যিক সম্পর্ক নাই৷ ভাৰতে যিদৰে আমেৰিকালৈ বিভিন্ন সামগ্রী ৰপ্তানি কৰে একেদৰে আমেৰিকাৰ পৰাও আমাৰ দেশে বহু সামগ্রী আমদানি কৰে৷ বাণিজ্যিক এনে সম্পর্ক বিশ্বজোৰা অর্থনীতিৰ এক অংশ৷ কিন্তু মার্কিন ৰাষ্ট্রপতিজনে আচম্বিতে ২৭ আগষ্টত ভাৰতীয় সামগ্রীৰ ওপৰত আৰোপ কৰা ৫০ শতাংশ শুল্কই নিশ্চিতভাৱে ভাৰতৰ অর্থনীতিৰ ওপৰত প্রভাৱ পেলাব৷ ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰাৰ অজুহাতত মার্কিন ৰাষ্ট্রপতিজনে আকাশলংঘী শুল্ক জাপি দিছে৷ ট্রাম্পে এই অভিযোগো কৰিছে যে ভাৰতবর্ষই ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰাৰ ফলত ৰাছিয়াই ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ চলাই যোৱাৰ বাবে ধনশক্তি লাভ কৰিছে৷ কিন্তু ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰা ভাৰতেই একমাত্র দেশ নহয়৷ চীনৰ উপৰি বিশ্বৰ কেইবাখনো দেশে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰে৷ ভাৰতে ৰাছিয়াৰ পৰা ক্রয় কৰা খাৰুৱা তেলতকৈ চীনে ক্রয় কৰা তেলৰ পৰিমাণ কেইবাগুণো অধিক৷ তৎসত্ত্বেও চীন অথবা অন্যান্য ৰাষ্ট্রৰ বিৰুদ্ধে মার্কিন ৰাষ্ট্রপতিজনে অতিৰিক্ত কৰাৰ বোজা জাপি দিয়া নাই৷ ভাৰতৰ লেখীয়া ব্রাজিলৰ ওপৰতহে এনে কৰৰ বোজা দিছে৷ প্রকৃততে মার্কিন ৰাষ্ট্রপতিজনৰ শুল্কযুদ্ধৰ অন্তৰালত আছে তেওঁৰ ব্যক্তিগত স্বার্থ৷ ধনবলেৰে আমেৰিকাই সমগ্র বিশ্বক হাতৰ মুঠিত ৰাখিবলৈ চলোৱা চক্রান্ত নতুন কথা নহয়৷ পুঁজিবাদী অর্থনীতিৰে আমেৰিকাই দশক দশক ধৰি এনে চক্রান্তৰ জাল অব্যাহত ৰাখিছে৷ কিন্তু ড’নাল্ড ট্রাম্পৰ অন্যতম লক্ষ্য হৈছে শান্তিৰ ন’বেল বঁটা৷ যিকোনো প্রকাৰে শান্তিৰ ন’বেল বঁটা লাভ কৰিবলৈ মার্কিন ৰাষ্ট্রপতিজনে বিশ্বৰ বহুকেইখন ৰাষ্ট্রৰ আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থাত হস্তক্ষেপ কৰিবলৈ লৈছে৷ শেহতীয়াকৈ পাকিস্তানৰ সন্ত্রাসবাদীৰ বিৰুদ্ধে ভাৰত চৰকাৰে চলোৱা অপাৰেচন সিন্দূৰ অভিযান বন্ধ কৰা বুলিও ট্রাম্পে মিথ্যা দাবী কৰিছিল৷ ভাৰত চৰকাৰে বাৰম্বাৰ ট্রাম্পৰ এনে দাবী অগ্রাহ্য কৰাৰ ফলতেই মার্কিন ৰাষ্ট্রপতিজনে ন’বেল বঁটা লাভ কৰাৰ বাট ৰুদ্ধ হৈছিল৷ একেদৰে ইউক্রেইনৰ যুদ্ধ প্রতিৰোধৰ নামতো ড’নাল্ড ট্রাম্পে দুতলীয়া নীতি গ্রহণ কৰি আহিছে৷
ৰাছিয়াৰ স’তে কোনো কালে আমেৰিকাৰ কূটনৈতিক সম্পর্ক মধুৰ নাছিল৷ নীতিগত কাৰণতে ৰাছিয়াৰ লগতে চীনৰ স’তেও আমেৰিকাৰ সম্পর্ক ভাল নহয়৷ কিন্তু বিশ্বৰ দ্বিতীয় সর্ববৃহৎ অর্থনীতি দেশ চীনৰ বিৰুদ্ধে আমেৰিকাই মুকলি যুঁজ চলাবলৈ সাহস কৰা নাই৷ চীনৰ সৈতে ৰাছিয়াৰ সম্পর্ক যাতে ঘনিষ্ঠ হৈ নুঠে তাৰ বাবে আমেৰিকাই দীর্ঘকাল চেষ্টা চলাই আহিছে৷ কিন্তু মদগর্বী ড’নাল্ড ট্রাম্পৰ শুল্ক যুদ্ধই বিশ্বত আমেৰিকাবিৰোধী এক জাগৰণৰ সৃষ্টি কৰিছে৷ চীনৰ টিয়ানঝিনত ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত অনুষ্ঠিত এছচিঅ’ সন্মিলনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ স’তে গ্রহণ কৰা ৰণনীতিয়ে মার্কিন ৰাষ্ট্রপতিগৰাকীৰ নিদ্রাহৰণ কৰিছে৷ সমগ্র বিশ্বক আলোড়িত কৰি ভাৰত, চীন আৰু ৰাছিয়া ঐক্যবদ্ধ হোৱা বার্তা নিশ্চিতভাৱে আগ্রাসনকাৰী আমেৰিকাৰ বাবে বিপজ্জনক৷ দেশৰ অর্থনীতিৰ স্বার্থত ৰাছিয়াৰ পৰা সস্তীয়া দৰত খাৰুৱা তেল ক্রয় কৰাটো যিদৰে লাভদায়ক একেদৰে চুবুৰীয়া চীনৰ স’তে সংঘাতময় পৰিৱেশৰ অৱসান ঘটোৱাটো অতি জৰুৰী৷ চুবুৰীয়া চীনৰ স’তে সম্পর্ক মধুৰ হোৱাৰ লগে লগে দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পর্কই নহয়, সীমান্ত সুৰক্ষাতো দুয়োখন দেশ লাভৱান হ’ব৷ দুয়োখন দেশৰ মুঠ জনসংখ্যা প্রায় ২৮০ কোটি৷ এনে মানৱ সম্পদৰ কর্মশক্তিৰ সঠিক ব্যৱহাৰ হ’লে বিশ্বৰ ভৱিষ্যৎ অর্থনীতিত দুয়োখন দেশে নেতৃত্ব লোৱাৰ সুযোগ মুকলি হ’ব৷ চীনৰ স’তে সম্পর্ক মধুৰ হ’লে দেশৰ ভিতৰতে সর্বাধিক লাভৱান হ’ব অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহ৷ ২০১৪ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ‘লুক ইষ্ট’ নীতিৰে উত্তৰ–পূর্বাঞ্চলৰ আর্থিক বিকাশৰ এক ৰূপৰেখা নির্মাণ কৰিছিল৷ ইয়াৰ পূর্বে প্রধানমন্ত্রী ড০ মনমোহন সিঙে দক্ষিণ–পূব এছিয়াৰ স’তে বাণিজ্যিক সম্পর্ক গতিশীল কৰিবলৈ ষ্টিল ৱেল পথ মুকলি কৰাৰ এক অভিলাষী আঁচনি লৈছিল৷ চীনৰ স’তে নতুন সম্পর্ক স্থাপন হোৱাৰ লগে লগে ষ্টিল ৱেল পথ আৰু লুক ইষ্ট পলিচিয়ে গতিশীলতা লাভ কৰাৰ সম্ভাৱনা আছে৷ এয়া সুচাৰুৰূপে হৈ উঠিলে অসমকে ধৰি উত্তৰ–পূর্বাঞ্চল দেশৰ অন্যতম বাণিজ্যিক কেন্দ্রত পৰিণত হোৱাৰ সম্ভাৱনা আছে৷ অধিক শুল্কৰ বোজা জাপি দি মার্কিন ৰাষ্ট্রপতিজনে হয়তো ভাবিছিল যে আর্থিক সংকটৰ সন্মুখীন হৈ ভাৰতে মূৰ দোৱাৱ৷ কিন্তু ভাৰতৰ অর্থনীতি এতিয়া বিশ্বৰ চতুর্থ বৃহৎ অর্থনীতিত পৰিণত হৈছে৷ আমেৰিকাৰ সহযোগ অবিহনে ভাৰতীয় অর্থনীতিয়ে নিজৰ নির্ধাৰিত লক্ষ্যত অগ্রসৰ হৈছে৷ এনেকুৱা কোনো সামগ্রী নাই, এনে কোনো প্রযুক্তি নাই যি প্রযুক্তি ভাৰতত উপলব্ধ নহয়৷ আমেৰিকাৰ সহায় অবিহনেও চীন আৰু ৰাছিয়াৰ সহযোগত ভাৰতে নির্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’ব৷ প্রকৃততে টিয়ানঝিনৰ এছচিঅ’ সন্মিলনৰ পিছতে মার্কিন ৰাষ্ট্রপতিজনে নেঙুৰ পেলাবলৈ বাধ্য হৈছে। ভাৰতবিদ্বেষী কুৰুচিপূর্ণ মন্তব্য আগবঢ়োৱা ট্রাম্পে শেহতীয়াকৈ নৰেন্দ্র মোদীক এগৰাকী মহান প্রধানমন্ত্রী আখ্যা দিয়াই নহয়, পৰম বন্ধু বুলিও ঘোষণা কৰিছে৷ কিন্তু মদগর্বী ৰাষ্ট্রপতিজনৰ কথা আৰু কামক কেতিয়াও বিশ্বাস কৰা উচিত নহয়৷ পুঁজিবাদী অর্থনীতিৰ লাভাংশৰ ওপৰতে নির্ভৰ কৰে মার্কিন ৰাষ্ট্রপতিগৰাকীৰ বন্ধুত্বৰ অংক৷

You might also like