নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত-বাংলাদেশ সীমান্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

বিশেষ বাৰ্তা, ৯ মেঃ পশ্চিমবংগৰ পৰা ভাৰত-বাংলাদেশ সীমান্ত নিৰীক্ষণৰ পাছত আজি বৃহত কনভয়ৰে দক্ষিণ শালমৰা-মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। তেওঁৰ সৈতে আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আন কেবাজনো মন্ত্ৰী। লগত আছে বিএছএফৰ বহুগৰাকী শীৰ্ষ বিষয়া। কাল নৈৰ সমীপৰ ভিউ পইণ্টৰ পৰা সীমা নিৰীক্ষণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। যিঠাইত মন্ত্ৰীগৰাকী উপস্থিত হৈছে তাত উল্লেখনীয় উন্নয়ণ কিছু হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। গৃহমন্ত্ৰীৰ আগমনক লৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ৰাইজৰে মত বিনিময় কৰিলে গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে। ৯ আৰু ১০মে’ত দুদিনীয়া কাৰ্যসূচী লৈ তেওঁ অসম ভ্ৰমণলৈ আহিছে। কালি নিশা গুৱাহাটী আহি উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি মানকাচৰৰ সীমান্তত উপস্থিত হোৱাৰ পূৰ্বে তাৰে কামাখ্যা মন্দিৰ এটা দৰ্শন কৰে।

You might also like