নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাওঁ কাগজ কলটিক ৰক্ষা ও পুণৰুজ্জীৱিতকৰনৰ দাবী সদৌ মৰিগাওঁ জিলা ছাত্ৰ সন্থাৰ

মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

নিয়মীয়া বাৰ্তা ৪ জুনঃ  জাগীৰোডস্থিত নগাওঁ কাগজ কলটোৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই। নিলাম ৰ বিজ্ঞাপন প্ৰকাশ হোৱাৰ পিছতে সদৌ মৰিগাওঁ জিলা ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে নিন্দা কৰিছে|বিগত চাৰি বছৰে জাগীৰোডস্থিত নগাঁও কাগজ কলটিৰ উৎপাদন বন্ধ হৈ আছে। প্ৰয়োজনীয় গুৰুত্বৰ অভাৱত মৃতপ্ৰায় হৈ পৰা উদ্যোগটোৰ কৰ্মচাৰী সকলেও কেইবাবছৰ ধৰি দৰমহা পোৱা নাই। ইতিমধ্যে একাংশ কৰ্মচাৰীয়ে আত্মহত্যাৰ পথ বাচি লোৱাৰ বিপৰীতে আন একাংশ‌ই উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰিছে। অনেক ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে। কাগজকলটিৰ সন্দৰ্ভত মহামান্য আদালততো গোচৰ চলি আছে। মহামান্য আদালতেও কৰ্মচাৰীসকলৰ দৰমহা মুকলি কৰাৰ লগতে সংস্থাপনৰ নিশ্চয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিৰ্দেশ জাৰি কৰিছে।তেনে প্ৰেক্ষাপটত হঠাৎ ওলোৱা নিলামৰ বিজ্ঞাপনে সকলোৰে মাজত শংকা আৰু অনিশ্চয়তাৰ সৃষ্টি কৰিছে।
সদৌ মৰিগাওঁ জিলা ছাত্ৰ সন্থাৰ এটি সজাতিঁ দলে কাগজ কল প্ৰাংগনত উপস্থিত হয় আৰু তাত উপস্থিত থাকি মৰিগাওঁ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি উৎপল শৰ্মা ই কয় যে কাগজ কলটো বন্ধ হৈ থকা কাৰ্যটো চৰকাৰৰ এক চূড়ান্ত বিফলতাৰ প্ৰতীক| তাৰোপৰি যিখিনি সময়ত বৰ্তমান চৰকাৰখনে ১লাখ চাকৰি দিয়াৰ কথা কৈ আছে, তেনে পৰিস্থিতিত নগাওঁ কাগজ কলটিত পূৰ্বে কৰ্মৰত কেইবা হাজাৰ বেতনভোগী কৰ্মচাৰী উপাৰ্জনহীন হৈ পৰি আত্মহত্যাৰ পথ অৱলম্বন কৰিবলৈ বাধ্য হোৱাৰ পাছতো যে কাগজ কলটিৰ নিলামৰ প্ৰক্ৰিয়াত হে উঠি পৰি লগা বিষয়টো ইতি দুৰ্ভাগ্যজনক বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে| সদৌ মৰিগাওঁ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথে কয় যে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই কাগজ কলটি পুণৰুজ্জীৱিতকৰণ কৰা হ’ব বুলি যি মিছা প্ৰতিশ্ৰুতি দিছিল তাৰ বাবে তীব্ৰ গৰিহনা প্ৰকাশ কৰে|

তাৰো পৰি বৰ্তমানৰ অসম চৰকাৰেও নিৰ্বাচনৰ আগত কাগজ কলটো জীয়াই তোলাৰ ক্ষেত্ৰত সদিচ্ছা প্ৰকাশৰ কথা কৈছিল, কিন্তু তাৰ পিছত হৰ্ঠাৎ কাগজ কলৰ নিলামৰ জাননী প্ৰকাশ হোৱাটোৱে বৰ্তমানৰ চৰকাৰৰ চৰম মিথ্যাচাৰ প্ৰকাশ পাইছে, ইয়াৰোপৰি চৰকাৰক দাবী জনাই কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যদিহে প্ৰকৃতাৰ্থত সদিচ্ছাই আছে নিলাম প্ৰক্ৰিয়া বন্ধ কৰি কাগজ কলটো জীয়াই তোলাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা ৰাইজে ভাৱিব বাধ্য এইখন চৰকাৰ প্ৰকৃততে সম্পূৰ্ণ এখন মিছলীয়া চৰকাৰ । তেখেতে কয় যে ৫৩ মাহে দৰমহা নোপোৱা কৰ্মচাৰী সকলৰ কথা চিন্তা নকৰি কাগজ কলটো নিলাম কৰাতহে মনোনিৱেশ কৰা বিজেপি চৰকাৰখন এখন মিথ্যাচাৰী চৰকাৰ| এই সন্দৰ্ভত জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধীয়ে নিজৰ মত প্ৰকাশ কৰি জনায় যে, ক’ভিদৰ দুৰ্যোগৰ সময়ত কাগজ কলৰ কৰ্মচাৰীসকলে কিদৰে জীৱন নিৰ্বাহ কৰিছে সেই কথা চিন্তা নকৰি নিলামৰ বিজ্ঞাপন প্ৰকাশ কৰাটো অতিকৈ দুৰ্ভাগ্যজনক আৰু লগতে তেখেতে কাগজ কলৰ নিলাম প্ৰক্ৰিয়াৰ সন্দৰ্ভত ৰাজ্য চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰাৰ দাবী জনায়, আৰু লগতে তেখেতে
নগাওঁ কাগজ কলটো পুণৰুজ্জীৱিতকৰণ তথা কাগজ কলত পূৰ্বে নিয়োজিত হৈ থকা কৰ্মচাৰীসকলৰ প্ৰাপ্য দৰমহা আদায় দিয়াৰ ব্যৱস্থাকৰণৰ লগতে কৰ্মচাৰীসকলৰ পুণ: সংস্থাপন নিশ্চিতকৰণৰ দাবী জনায়| এই সন্দৰ্ভত মৰিগাঁও জিলা ছাত্ৰ সন্থাই মৰিগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

You might also like