নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ অক্টোবৰ, আহিন মাহৰ ২৫ তাৰিখ

মেষ: বিয়াৰ প্রস্তাৱ পাব পাৰে৷ ব্যৱসায়ীৰ হাতলৈ ধন আহিব৷ আজি টকা আনক ধাৰলৈ নিদিব৷ চাকৰিয়ালৰ শুভ৷
বৃষ: পুৰণা কেছত জয়ী হোৱাৰ আশা আছে৷ অনাকাংক্ষিত সমস্যাত পৰিব পাৰে৷ শৰীৰ সুস্থ থাকিব৷
মিথুন: ঘৰলৈ বিশেষ ব্যক্তিৰ আগমনে আপোনাক উপকৃত কৰিব৷ শিক্ষার্থীৰ শুভ৷ হাতলৈ টকা–পইচা আহিব৷ পৰি আঘাত পাব পাৰে৷
কর্কট: বন্ধুৰ সহায়ে সমস্যা দূৰ কৰিব৷ শুভ কাম আৰম্ভ কৰিব পাৰে৷ ব্যৱসায়ত কিছু সমস্যা আছে যদিও সমাধান হ’ব৷ টকা ধাৰ দিয়া বা লোৱা এটাও নকৰিব৷
সিংহ: আনক সহায় কৰি সন্মান পাব৷ চোৰ–ডকাইতৰ পৰা সাৱধান হ’ব৷ ঘৰৰ মূল্যৱান সম্পত্তি হেৰাব পাৰে৷ অর্থৰ নাটনি হ’ব৷
কন্যা: ব্যৱসায়ীৰ উন্নতিৰ যোগ৷ শত্রুৰ পৰা সাৱধান৷ খৰচ বাঢ়িব৷ অচিনাকি লোকৰ পৰা দূৰত থাকিব৷
তুলা: দুর্ঘটনা ঘটিব পাৰে৷ সন্তানৰ দ্বাৰা অবাবত অর্থ হানি হ’ব পাৰে৷ বিদ্যাত উন্নতি হ’ব৷ চাকৰিয়ালে বদলিক লৈ সমস্যাত পৰিব৷
বৃশ্চিক: অচিনাকি ব্যক্তিৰ দ্বাৰা সমস্যাত পৰিব পাৰে৷ আনক সহায় কৰি সন্মানিত হ’ব৷ চাকৰি স্থায়ীকৰণ হ’ব৷ কর্মত নিযুক্তি হ’ব৷
ধনু: শুভ কাম আজি নকৰাই ভাল হ’ব৷ ব্যৱসায়ত সাৱধানতা অৱলম্বন কৰিব৷ শিক্ষার্থীৰ শুভ৷
মকৰ: স্বাস্থ্যৰ প্রতি অধিক যত্ন লওক৷ অর্থ হানিৰ যোগ দেখা যায়৷ পৰিয়ালত বিবাদ হ’ব পাৰে৷ ব্যৱসায়ত লেনদেন কৰোঁতে সাৱধান হ’ব৷ লাভ বৃদ্ধি হ’ব৷
কুম্ভ: শুভ কাম কৰাৰ সিদ্ধান্ত হ’ব পাৰে৷ ঘৰৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে৷ চাকৰিৰ বাবে চেষ্টা কৰক, ফল পাব৷
মীন: আত্মীয়ৰ কাৰণে সমস্যাত পৰিব৷ সাংসাৰিক অশান্তি বাঢ়িব৷ হাতলৈ টকা আহিব, কিন্তু খৰচ বৃদ্ধি পাব৷

You might also like