নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ আর্থিক দিশত অপ্রত্যাশিতভাৱে ধন লাভ হ’ব৷ যিকোনো শুভ কর্মৰ পৰা বিৰত থাকক৷ হালধীয়া নতুবা ক্রীম ৰঙৰ কাপোৰ পৰিধান কৰক৷ শুভ সংখ্যা ১৷
বৃষঃ পুৱা–গধুলি শিৱৰ মন্ত্র জপ কৰিব৷ জপ কৰি সোঁহাতত ৰঙা সূতাৰে সাত পাক দি বান্ধিব৷ ৰঙা বস্ত্র পৰিধান কৰিব আৰু ৰঙা বস্তু খাব৷ পাৰিলে শিৱ মন্দিৰত চাকি জ্বলাব৷ শুভ সংখ্যা ৫৷
মিথুনঃ ব্যৱসায়ত উন্নতিৰ কাৰকতা৷ শুভকর্মত বাধা নাই৷ যাত্রা কৰিলে দুপৰীয়া বাৰ বজাৰ পিছত কৰিব৷ ক’লা কাপোৰ ব্যৱহাৰৰ পৰা বিৰত থাকিব৷ প্রেমত শুভ৷ শুভ সংখ্যা ৭৷
কর্কটঃ অর্থপ্রাপ্তিৰ ক্ষেত্রত সৰু সুৰা বাধাৰ সন্মুখীন হ’ব৷ বিদ্যার্থীসকলৰ শুভ৷ যাত্রা কৰিব পাৰে৷ যাত্রা কৰাৰ সময়ত গুলপীয়া কাপোৰ পৰিধান কৰিলে শুভ ফল লাভ কৰিব৷
সিংহঃ কর্মক্ষেত্রত সাৱধান থাকিব, কাৰণ আপোনাৰ আজি দিনটো শুভ নহয়৷ বগা ৰং আপোনাৰ শুভ৷ গতিকে যাত্রা কৰোঁতে আৰু শুভ কাম কৰোঁতে বগা ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৮৷
কন্যাঃ আর্থিক দিশত সচ্ছলতা থাকিব৷ দূৰ সংবাদত আনন্দিত হ’ব পাৰে৷ আপোনাৰ শুভ ৰং আকাশী নীলা৷ এই ৰঙে আপোনাৰ কর্মত সফলতা আনিব৷ সন্ধিয়া বিল্ব মন্দিৰত চাকি জ্বলাব৷ শুভ সংখ্যা ৯৷
তুলাঃ আজি আপোনাৰ যাত্রা শুভ৷ যাত্রা কৰাৰ সময়ত কমলা ৰঙৰ কাপোৰ পিন্ধিব আৰু কমলা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব৷ সন্ধিয়া ৫টাৰ পিছত শুভ কাম আৰু যাত্রা নকৰিব৷ শুভ সংখ্যা ২
বৃশ্চিকঃ অর্থ আগমনত বাধাৰ সৃষ্টি হ’ব পাৰে৷ শুভ কাম আগত লৈ যাত্রা নকৰাই ভাল৷ আপোনাৰ শুভ ৰং মেৰুণ৷ মেৰুণ ৰং ব্যৱহাৰ কৰিব৷ প্রেমত শুভ৷ শুভ সংখ্যা ৪
ধনুঃ কর্ম ক্ষেত্রত উন্নতিৰ যোগ আছে৷ আজি যাত্রা কৰিব বিচাৰিলে প্রথম যাত্রাটো পূব দিশে কৰিব৷ নীলা ৰঙৰ কাপোৰ পৰিধান কৰিব৷ ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ সংখ্যা ২৷
মকৰঃ চাকৰি প্রার্থীৰ কর্মসংস্থানৰ পথ প্রশস্ত হ’ব৷ আবেলি চাৰি বজাৰ পিছত যাত্রা নকৰিব৷ আপোনাৰ শুভ ৰং কমলা৷ কমলা ৰঙৰ কাপোৰ পিন্ধি সূর্য দেৱতাক প্রণাম কৰিব৷ শুভ সংখ্যা ৯৷
কুম্ভঃ ব্যৱসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত৷ চাকৰিয়ালৰ বাবে শুভ৷ শুভ বর্ণ বেঙুনীয়া৷ বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধি যাত্রা কৰক৷ সুফল পাব৷ পুৱা–গধুলি শিৱৰ মন্ত্র জপ কৰিব৷ শুভ সংখ্যা ১৷
মীনঃ আজি ভাবি–চিন্তি কামত অগ্রসৰ হ’ব৷ কর্মত বাধা আছে৷ আবেলি দুই বজাৰ পিছতহে যাত্রা কৰিব৷ যাত্রাৰ আগতে হাতত ক’লা সূতাৰে পাক দি বান্ধিব আৰু ক’লা বস্ত্র পৰিধান কৰিব৷ শুভ সংখ্যা ৫৷

You might also like