নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়া জিলা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন লিডুত সম্পন্ন

নিয়মীয়া বাৰ্তা, ১২এপ্রিলঃ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনখন আৰু ব’হাগ আদৰণি সংহতি সংকল্প ও সম্বৰ্ধনা অনুষ্ঠান আজি ১২ এপ্রিলত দিনজোৰা কাৰ্যসূচীৰে মাৰ্ঘেৰিটাৰ লিডু কেন্দ্রীয় ৰংগমঞ্চত অনুষ্ঠিত হয়। জিলা সমিতিৰ ভাৰপ্রাপ্ত সভাপতি লক্ষীকান্ত বড়াই পতাকা উত্তোলন আৰু সম্পাদক প্রাঞ্জল নেওগে স্মৃতি তৰ্পণেৰে মুকলি কৰাৰ পাছত বৃক্ষৰোপণ শুভাৰম্ভ কৰে পৰিৱেশ কৰ্মী ঋতুপৰ্ণ বৰুৱাই ।

দুপৰীয়া ড০ ৰঞ্জিত দত্তৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত পৰিষদৰ কেন্দ্রীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চেতিয়া , সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, সাহিত্যিক জগত চাংমাই, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰাণাজ্যোতি নেওগ, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উপ সভাপতি সমীৰণ বৰঠাকুৰ, সমাজকৰ্মী নৰেশ্বৰ হাজৰিকা,  সাংবাদিক মানস প্ৰতিম গগৈ, অৱসৰ প্রাপ্ত শিক্ষক সোমেশ্বৰ নেওগৰ লগতে ছাত্র মুক্তি সংগ্রাম সমিতি, গোৰ্খা ছাত্র সস্থা বিভিন্ন সংগঠনৰ প্রতিনিধি উপস্থিত থাকে।

উক্ত সভাতে স্মৃতিগ্ৰন্থ ” অসমীয়া” খনো উন্মোচন কৰে শিল্পী লোহিত গগৈয়ে। বিয়লি তিনি বজাৰ পৰা আমন্ত্রিত শিল্পী দলৰ সাংস্কৃতিক অনুষ্ঠান আৰু পাঁচ বজাৰ পৰা তিনিচুকীয়া জিলা সমিতিৰ প্রতিনিধি সভাখন অনুষ্ঠিত হয়।

সাংস্কৃতিক অনুষ্ঠানত লিডু ,মাৰ্ঘেৰিটা , ডিগবৈ আদি বিভিন্ন অঞ্চলৰ সাংস্কৃতিক দলে অংশগ্রহণ কৰে | উক্ত সভাত সমাজৰ বিভিন্ন ক্ষেত্রলৈ বিশেষ বৰঙনি যোগোৱা সাহিত্যিক বৰুণ বৰা, সমাজকৰ্মী নৰেশ্বৰ হাজৰিকা, শিক্ষাবিদ কে,পি, সিং, সোমেশ্বৰ নেওগ, প্রণৱ গগৈ, কণ্ঠশিল্পী অজয় ফুকন, বিচা ৰজা বিচানং চিংফৌ আদি কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ।

You might also like