নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭৷ পৰিয়ালৰ মাজত মনোমালিন্য হ’ব পাৰে৷ চাকৰিৰ ক্ষেত্রত কিছু সমস্যা আছে৷ অবাবত খৰচ বাঢ়িব৷ সন্তানৰ শুভ৷ প্রতিকাৰ – বগা ফুল, তুলসীৰ পাত আৰু সেন্দূৰ এখন আগলি কলপাতত লৈ বোৱঁতী পানীত এৰি দিব৷
বৃষ: শুভ ৰং নীলা, শুভ সংখ্যা ৬৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বৃদ্ধি পাব৷ নিজৰ ভুলত সমস্যাত পৰিব৷ বন্ধুৰ লগত মনোমালিন্য হ’ব পাৰে৷ সহকর্মীৰ দ্বাৰা প্রতাৰিত হ’ব পাৰে৷ প্রতিকাৰ– তুলসী গছৰ গুৰিত পানী ঢ়ালি প্রণাম কৰিব৷
মিথুন: শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৯৷ ব্যৱসায়িক প্রতিষ্ঠানত ক্ষতি হোৱাৰ ভয়৷ খং দমন কৰি ৰাখক অন্যথা ক্ষতি হ’ব৷ সন্তানৰ ভুলৰ বাবে সন্মান হানি হ’ব পাৰে৷ প্রতিকাৰ– নৱগ্রহ মন্দিৰত গ্রহ দেৱতাৰ সন্তুষ্টিৰ বাবে প্রার্থনা কৰিব৷
কর্কট: শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩৷ মূল্যৱান বস্তু ক্ষতি হ’ব পাৰে৷ অর্থিক সংকটৰ বাবে ব্যৱসায়ত ক্ষতি হ’ব পাৰে৷ প্রতিকাৰ– ভিক্ষাৰী এজনক খোৱাবস্তু দান কৰিব৷
সিংহ: শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৬৷ দুর্ঘটনাত আঘাত পাব পাৰে৷ চাকৰিয়ালৰ পদোন্নতি হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ সন্তানৰ শুভ৷ প্রতিকাৰ– শিৱ লিংগত গাখীৰ, বেলপাত অর্পণ কৰি শিৱক আৰাধনা কৰিব৷
কন্যা: শুভ ৰং বগা, শুভ সংখ্যা ৮৷ মূল্যৱান সম্পত্তি ঘৰলৈ আহিব৷ কর্মত বাধা আহিলেও সমাধান হ’ব৷ আনৰ পৰা অর্থিক সহায় পাব৷ সন্তানৰ শুভ৷ প্রতিকাৰ– গা–ধুই সূর্যক প্রণাম কৰি পানী ঢ়ালিব৷
তুলা: শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷ বিয়াৰ প্রস্তাৱ আহিব পাৰে৷ সম্পত্তিক লৈ কাজিয়া–পেচাল হোৱাৰ সম্ভাৱনা৷ চোৰৰ পৰা ক্ষতি হোৱাৰ আশংকা আছে৷ প্রতিকাৰ– হনুমান চালিচা পাঠ কৰিব পাৰিলে মিঠা ফল দান কৰক৷
বৃশ্চিক: শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪৷ আনৰ উপদেশত কাম কৰি বিপদত পৰিব পাৰে৷ ঘৰতে অপদস্থ হোৱাৰ ভয়৷ টকা–পইচা অবাবত খৰচ হ’ব৷ সন্তানৰ শুভ৷ প্রতিকাৰ– ঘৰলৈ অহা ভিক্ষাৰী এজনক জলপান কৰাই অর্থ দান কৰক৷
ধনু: শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩৷ প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে৷ সন্তানৰ পৰা ক্ষতিৰ আশংকা আছে৷ শুভ কামৰ আৰম্ভ হ’ব পাৰে৷ হাতলৈ টকা–পইচা আহিব৷ কর্মস্থানত অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷ সন্তানৰ শুভ৷ প্রতিকাৰ– হনুমান মন্দিৰত মিঠা ফল দান কৰক৷
মকৰ: শুভ ৰং নীলা, শুভ সংখ্যা ৭৷ পাৰিবাৰিক অন্তঃকলহ বাঢ়িব৷ শত্রুৰ পৰা সাৱধান হ’ব৷ পিছলি পৰি আঘাত পাব পাৰে৷ বৈবাহিক সম্বন্ধত ব্যাঘাত জন্মিব পাৰে৷ প্রতিকাৰ– শনি মন্দিৰত ধূপ–চাকি জ্বলাই শনিক ধ্যান কৰিব৷
কুম্ভ: শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৯৷ ঘৰুৱা সমস্যাই অশান্তি দিব৷ হতাশাই আপোনাৰ ক্ষতি কৰিব৷ যান–বাহন চলোৱাসকল সাৱধান হ’ব৷ ব্যৱসায়ত উন্নতিৰ যোগ আছে৷ প্রতিকাৰ– ঘৰৰ পৰা ওলাওঁতে কপালত চন্দনৰ ফোঁট লৈ ওলাব৷
মীন: শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৩৷ অচিন ব্যক্তিৰ পৰা ক্ষতি হ’ব পাৰে৷ শাৰীৰিক অসুস্থতাই সমস্যাত পেলাব৷ হাতৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে৷ কর্মত বাধা আহিব৷ সন্তানে কৰা ভাল কামৰ বাবে সন্মান বাঢ়িব৷ প্রতিকাৰ– বেলপাতত ৰঙা চন্দন সানি শিৱলিংগত অর্পণ কৰক৷

You might also like