নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ- ব্যৱসায় নতুন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ বিদ্যার্থীসকলৰ বেয়া নহয়৷ প্রাপ্য ধন লাভৰ সম্ভাৱনা৷ শুভ বর্ণ পাতল হালধীয়া বা ক্রীম ৰং৷ যাত্রাৰ সময়ত এই ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ১৷
বৃষ- কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধ পাব৷ দাম্পত্যত ভালেই দেখা যায়৷ আজি আপুনি বিষ্ণু মন্দিৰত পূজা কৰিব আৰু নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ বর্ণ নীলা৷ নীলা ৰঙৰ কাপোৰ পিন্ধি যাত্রা কৰিব৷ শুভ সংখ্যা ৪
মিথুন- হঠাৎ ধন প্রাপ্তিৰ যোগ আছে৷ ব্যৱসায়ত মধ্যম৷ আকস্মিক সংযোগত সুখ৷ যাত্রা কৰিলে পুৱাৰ ভাগত কৰিব আৰু প্রথম যাত্রাটো পূব দিশত কৰিব৷ শুভ বর্ণ বগা৷ শুভ সংখ্যা ৬৷
কর্কট- ব্যৱসায়ত লাভৰ সংযোগ৷ প্রাপ্য ধন পোৱাৰ সম্ভাৱনা৷ যাত্রা দিনৰ দহ বজাৰ পিছত কৰিব৷ সন্ধ্যা শিৱ মন্দিৰত চাকি জ্বলাব৷ শুভ বর্ণ পাতল সেউজীয়া৷ শুভ সংখ্যা ২৷
সিংহ- অনুকূল দিন৷ বিদ্যার্থীসকলে ৰঙা ফুলেৰে পূজা কৰি হাতত ৰঙা সূতাৰে তিনি পাক দি বান্ধি ল’ব৷ আজি ৰঙা আপোনাৰ শুভ ৰং৷ যাত্রাদি কৰিব পাৰে৷ শুভ সংখ্যা ৩৷
কন্যা- ঘৰুৱা সমস্যা বৃদ্ধি পাব৷ কর্মক্ষেত্রত মর্যাদা হানি হ’ব পাৰে৷ ব্যৱসায়ত মধ্যম ফল৷ শুভ বর্ণ গুলপীয়া৷ শুভ কর্মত আগবাঢ়িব পাৰে৷ যাত্রা শুভ৷ শুভ সংখ্যা ৯৷
তুলা- শৰীৰ ভালেৰে যোৱা টান৷ আর্থিকত বেয়া নহয়৷ কর্মক্ষেত্রত যোগ্যতা থাকিব৷ আজি আপুনি আকাশী ৰং ব্যৱহাৰ কৰিব৷ এই ৰঙৰ ব্যৱহাৰে আপোনাৰ সফলতা অটুট ৰাখিব৷ শুভ সংখ্যা ৬৷
বৃশ্চিক- শুভ সংকট৷ বুদ্ধিৰ প্রসাৰ বৃদ্ধি পাব৷ পুৱা–গধূলি শিৱৰ মন্ত্র জপ কৰিব৷ ৰাতি নিৰামিষ আহাৰ খাব৷ কমলা আপোনাৰ শুভ বর্ণ৷ লগত এখন বগা ৰুমাল ৰাখিব৷ শুভ সংখ্যা ৭৷
ধনু- আর্থিক প্রাপ্তি থাকিলেও খৰচ নকমিব৷ ৰাজহুৱা কামত যোগাযোগ৷ বিদ্যার্থীসকলৰ শুভ৷ শুভ বর্ণ মেৰুণ৷ মেৰুণ ৰং ব্যৱহাৰ কৰক৷ পৰাপক্ষত যাত্রা নকৰিব৷ শুভ সংখ্যা ২৷
মকৰ- ব্যৱসায়িক যোগাযোগত ভাল যদিও আর্থিক দিশত উন্নত নহ’ব৷ সন্তানৰ চিন্তা থাকিব৷ আজি আপুনি ক’লা ৰঙৰ কাপোৰ পিন্ধিব৷ ক’লা আপোনাৰ শুভ ৰং, যাত্রাদিত ভালেই৷ শুভ সংখ্যা ৩৷
কুম্ভ- ঘৰুৱা পৰিৱেশ মজলীয়া৷ আর্থিক লেনদেনত সাৱধান হওক৷ দূৰ ভ্রমণৰ যোগ আছে৷ শুভ কর্ম কৰিব পাৰে৷ শুভ বর্ণ ক্রীম ৰং৷ ভ্রমণৰ সময়ত এই ৰং ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ৩৷
মীন- ব্যৱহাৰিক দিশত শান্তি থাকিব৷ পঢ়া–শুনাত শুভ৷ কর্মক্ষেত্রত খ্যাতি লভিব৷ আপোনাৰ শুভ বর্ণ হালধীয়া৷ আজি হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব৷ শুভ সংখ্যা ১৷

You might also like