নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামৰূপ সাৰ কাৰখানালৈ প্রথম পুৰস্কাৰ

ভাৰত চৰকাৰৰ সাৰ মন্ত্রালয়ৰ স্বচ্ছতাৰ পষেক

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ  ভাৰত চৰকাৰৰ সাৰ মন্ত্রালয়ে প্রতি বর্ষৰ দৰে এইবাৰো পহিলা ছেপ্ঢেম্বৰৰ পৰা পোন্ধৰ ছেপ্টেম্বৰলৈ আয়োজন কৰিছিল স্বচ্ছতাৰ পষেক৷ সাৰ মন্ত্রালয়ৰ অধীনৰ আন আন সাৰ উদ্যোগৰ লগতে নামৰূপ সাৰ কাৰখানায়ো বিভিন্ন স্বচ্ছতাৰ লগত কার্যসূচীৰে স্বচ্ছতা পোখৰাত অংশগ্রহণ কৰিছিল৷

উল্লেখ্য যে এই কার্যসূচীত নামৰূপ সাৰ কাৰখানাই কৰা সুন্দৰ প্রদর্শনৰ বাবে এইবাৰ দেশৰ সাৰ উদ্যোগসমূহৰ ভিতৰত নামৰূপে প্রথম স্থান লাভ কৰিবলৈ সক্ষম হয়৷ আজি এই সন্দর্ভত উদ্যোগটোৰ মুখ্য প্রশাসনিক বিষয়া প্রণৱ কুমাৰ ভট্টাচার্যই সাংবাদিকক জনায় যে নামৰূপ সাৰ কাৰখানাৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অসীম কুমাৰ ঘোষে ২৭ অক্টোবৰৰ দিনৰ ১১বজাত নতুন দিল্লীত সাৰ মন্ত্রালয়ৰ কার্যালয়ত আয়োজিত অনুষ্ঠানত সাৰ সচিবৰ পৰা এই বঁটা গ্রহণ কৰিব বুলি জানিবলৈ দিয়ে৷

এইপ্রতিযোগিতাত নামৰূপস্থিত বি ভি এফ চি এলে প্রথম স্থান, নেচনেল ফার্টিলাইজাৰ লিমিটেড দ্বিতীয় আৰুFCI Aravail Gypsum ands Minerals India LTDয়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়৷

You might also like