নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকো আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ হেৰইন, আটক এজন

 

 

নিয়মীয়া বাৰ্তা;১১ মাৰ্চ::-ৰাজ্যত প্ৰতিদিনে অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান।কামৰূপৰ বকো আৰক্ষীয়ে শনিবাৰে ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে চলালে অভিযান।অভিযানত জব্দ বৃহৎ পৰিমানৰ হেৰইণ।জব্দকৃত হেৰইণ খিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় পাচঁ লক্ষ্যাধিক টকা হব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।জব্দ দুটা মোবাইল ফোন,প্ৰায় ন হাজাৰ টকা সহ আটক এজন সৰবৰাহকাৰী।বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ নাথৰ গোপন খবৰৰ ভিত্তিত আৰক্ষী উপ পৰিদৰ্শক অপূৰ্ব কলিতাই খেদি খেদি ছয়গাওঁৰ হাতীপাৰাত হেৰইন সহ আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাহকাৰী জনক।আটকাধীন লোক জন চুলতান আলী বুলি জানিব পৰা গৈছে।ইতিমধ্যে আটকাধীন লোক জনক বকো আৰক্ষী থানালৈ আনি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

প্ৰেৰক::-ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়নৰ প্ৰতিবেদন

You might also like