নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰিপ্রার্থীৰ বাবে সুখবৰ : অচিৰেই এপিডিচিএলত ২,০০০ পদৰ বিজ্ঞাপন

বিশেষ বাৰ্তা, ১৭ নৱেম্বৰঃ চাকৰি প্রার্থীৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে অসম বিদ্যুৎ বিতৰণ কোম্পানী, চমুকৈ এপিডিচিএলে৷ উল্লেখ্য যে এপিডিচিএলে অতি সোনকালে তৃতীয়বর্গ, চতুর্থবর্গ আৰু অভিযন্তাৰ খালী হৈ থকা ২,০০০ পদ পূৰণৰ বাবে অনুষ্ঠিত কৰিব নিযুক্তি পৰীক্ষা৷ আজি এই কথা সদৰী কৰে এপিডিচিএলৰ গ্রাহক সম্পর্ক বিষয়া অভিজিৎ শর্মাই৷ এপিডিচিএলৰ বিষয়াগৰাকীয়ে প্রকাশ কৰা মতে, খালী হৈ থকা এই পদ পূৰণৰ বাবে অসম লোকসেৱা আয়োগ (এপিএছচি)–এ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব৷ মন কৰিবলগীয়া যে ইয়াৰ পূর্বে শক্তি বিভাগৰ খালী হৈ থকা পদৰ বিপৰীতে অনুষ্ঠিত নিযুক্তি পৰীক্ষাত ব্যাপক খেলিমেলিৰ সৃষ্টি হৈছিল৷ চিআইডিয়ে উক্ত খেলিমেলি সন্দর্ভত তদন্ত চলাই ইতিমধ্যে গ্রেপ্তাৰ কৰিছে কেইবাজনো লোকক৷ ইতিমধ্যে উক্ত নিযুক্তি পৰীক্ষা ৰাজ্য চৰকাৰে বাতিল কৰিছে৷ ইফালে, গ্রাহক সম্পর্ক বিষয়াগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন চহৰত ৰাজপথত থকা বিদ্যুতৰ খুঁটাত ওলমাই ৰখা অকর্তৃত্বশীল কেব্ল বা তাঁৰসমূহ অচিৰেই আতৰোৱাৰ বাবে এপিডিচিএলে বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ সেই অনুসৰি ২৪ নৱেম্বৰৰ ভিতৰত এই তাঁৰসমূহ সংশ্লিষ্ট কর্তৃপক্ষই আঁতৰাই নিনিলে এপিডিচিএলে নিজাকৈ এই তাঁৰ কর্তন কৰিব৷ বিষয়াগৰাকীয়ে প্রকাশ কৰা মতে, গুৱাহাটী মহানগৰীত কেব্ল তাঁৰৰ লগতে অন্যান্য বিভিন্ন তাঁৰ একাংশ প্রতিষ্ঠান–বিভাগে যেনিয়ে–তেনিয়ে টানি ৰখাৰ ফলত এক ভয়ংকৰ সমস্যাৰ সৃষ্টি হৈছে৷ আনকি বিদ্যুৎ বিজুতি ঘটিলে এই খুঁটাসমূহত এপিডিচিএলৰ লোকে কাম কৰিবলৈ সমস্যাৰ সন্মুখীন হয়৷ এপিডিচিএলৰ অনুমতি নোহোৱাকৈ টনা এই কেব্ল–তাঁৰসমূহ আঁতৰোৱাৰ বাবে ইতিমধ্যে বাতৰিকাকতযোগে বিজ্ঞাপন দিয়া হৈছে৷ সেই অনুসৰি ১৭ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰৰ ভিতৰত সংশ্লিষ্ট প্রতিষ্ঠান–বিভাগে এই তাঁৰসমূহ আঁতৰাই নিনিলে এপিডিচিএলে নিজাকৈ ব্যৱস্থা গ্রহণ কৰিব৷ অৱশ্যে এইক্ষেত্রত বিদ্যুতৰ খুঁটাত তাঁৰ টনা প্রতিষ্ঠানসমূহে এপিডিচিএলৰ সৈতে চুক্তিত উপনীত হ’লে অথবা অনুমোদন ল’লে তেওঁলোকক অনুমতি প্রদান কৰা হ’ব৷

You might also like