নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ সামাজিক সংযোগত কিছু উন্নত ফল৷ বিদ্যাত মধ্যম৷ শৰীৰ সম্পর্কে সাধাৰণ চিন্তা থাকিব৷ আগন্তুকৰ বাবে উৎকণ্ঠা তথা উৎসাহ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷
বৃষ ঃ কর্মস্থানত বিশেষ জটিলতা দেখা নাযায়৷ আর্থিকত বিশেষ সমস্যা নহ’লেও খৰচ ৰোধ কৰাটো টান হ’ব৷ ব্যৱসায়ত ব্যস্ততা থাকিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷
মিথুন ঃ কিছু উদ্বিগ্ণতা৷ দুটাৰ পাছত ধীৰে ধীৰে উন্নত৷ প্রিয় বন্ধু–বান্ধৱৰ সংগত সুখ৷ বিদ্যাতো মধ্যম৷ শৰীৰ সম্পর্কীয় ভাবনা থাকিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷
কর্কট ঃ আর্থিক সম্পর্কীয় কোনো সমস্যাৰ হয়তো কিবা সিদ্ধান্ত হ’ব পাৰে৷ ব্যৱসায়িক উন্নতিৰ কাৰণে কর্মস্থানত ব্যস্ততাৰ সুফল৷ পাৰিবাৰিক অস্থিৰতা থাকিব৷ শুভ ৰং ক’লা, শুভ সংখ্যা ২৷
সিংহ ঃ শাৰীৰিক আৰু মানসিক উদ্বেগ এৰাব পৰা টান হ’ব৷ উৎপাদিত সামগ্রীৰ কিছু লোকচান৷ নিবনুৱাৰ আশাপূর্ণ সংযোগ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৭৷
কন্যা ঃ কর্মস্থানত আপোনাৰ যোগ্যতা প্রতিপন্ন হ’ব৷ কোনো
নতুন সংস্থাপনৰ বাবে আশা কৰিব পাৰে৷ ঘৰুৱাত বিশেষ সমস্যা নাই৷ শুভ ৰং কমলা, শুভ সংখ্যা ৫৷
তুলা ঃ শৰীৰ তথা মানসিক উদ্বেগ আদিত ভুগিব পাৰে৷ ভাই–ভনীৰ বাবে দুশ্চিন্তা আঁতৰিব৷ কর্মস্থানত উদ্বেগ সামান্য থাকিব৷ শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ৪৷
বৃশ্চিক ঃ দিনটোত কোনো কাৰণে শুভ বুদ্ধিৰ উদয় হ’ব৷ সন্তানৰ বাবে দায়িত্ব পৃদ্ধি পাব৷ পঢ়া–শুনাত বেয়া ফল দেখা নাযায়৷ বৈবাহিক জীৱনত মত বিৰোধ৷ শুভ ৰং গেৰুৱা শুভ সংখ্যা ৮৷
ধনু ঃ কোনো আৱেগসংকুল কথাত যাতে মন বিমর্ষিত হ’ব নালাগে৷ সাৱধান হওক৷ স্ব–ব্যৱসায় আদিত নিৰাশ হ’ব নালাগিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৭৷
মকৰ ঃ কর্মস্থানত নিজৰ মতবাদৰ ওপৰত প্রাধান্য দিয়ক৷ আনৰ ওপৰত বেছি নির্ভৰ নকৰিব৷ মামলা–মোকর্দমাত জড়িত হ’ব পাৰে৷ শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ৪৷
কুম্ভ ঃ আর্থিক উন্নতিৰ বাবে পথ মুকলি হ’ব পাৰে৷ শিল্পকলা, চিত্রকলা আদিত দক্ষতা দেখুৱাব পাৰিব৷ বিদ্যা লাভ৷ কর্মযোগ তথা আর্থিক ক্ষেত্রত শুভ৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ৯৷
মীন ঃ আজিৰ দিনটোত দুই–এটা নিদাৰুণ সংযোগ বা সমস্যাৰ উন্নতি দেখিব৷ কিছুমান নিশ্চিত ফলৰ আশাত নিজে মন কৰা আঁচনিত খ্যাতি লাভ কৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷

You might also like