নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপ উপায়ুক্ত কার্যালয়ত ৩০ পদ খালী, এতিয়ায়ে কৰক আবেদন

কামৰূপ জিলা উপায়ুক্ত কার্যালয়ৰ অধীনত অচিৰেই Mandolৰ ৩০ পদত প্রার্থী নিয়োগ কৰা হ’ব৷ ইতিমধ্যে কামৰূপ জিলা উপায়ুক্তই অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, Mandolৰ মুঠ পদ ৩০টাৰ ভিতৰত অসংৰক্ষিত ১৩টা, অ’বিচি/এম’বিচিৰ ১১টা, এছচিৰ ২টা, দিব্যাংগ শ্রেণীৰ ১টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ৩টা পদ সংৰক্ষিত থাকিব৷ আবেদনকাৰী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে RCCC Training (Assam Surveys & Settlement Training Centre, Dakhingaon, Guwahati)ৰ ৬ মহীয়া পাঠ্যক্রম আৰু Computer Applicationৰ ৬ মহীয়া পাঠ্যক্রমৰ ডিপ্ল’মা/প্রমাণ–পত্রধাৰী হোৱা হ’ব লাগিব৷ বয়স ১ জানুৱাৰী ২০২২লৈ ১৮–৪০ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, বয়স, শ্রেণী ইত্যাদিকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈO/o the Deputy Commissioner, Kamrupৰ ৱেবছাইট https://niyukti.assam.gov.in/lmkamrup লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৫ ডিচেম্বৰ, ২০২২৷

You might also like