নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ কন্যা সন্তানৰ বিবাহৰ সংযোগ৷ আর্থিকত ভাল ক’ব পৰা যায়৷ কর্ম স্থানত কিছু অসুবিধা পাব৷
বৃষ ঃ ঘৰুৱাত মাধ্যম৷ শৰীৰ ভাল দেখা নাযায়৷ প্রেমত প্রতাৰণা৷ ভ্রমণৰ যোগ৷
মিথুন ঃ উচ্চ শিক্ষাত বাধা আহিব৷ ভ্রমণ নকৰা ভাল৷ গ্রন্থ ব্যৱসায় ভাল চলিব আৰু নতুন যোগাযোগত উপকৃত হ’ব৷
কর্কট ঃ দাম্পত্যত পূর্বৰ তুলনাত ভাল দেখা যায়৷ প্রয়োজনত বন্ধুৰ পৰা সাহায্য লাভ কৰিব৷ প্রেমত মধ্যম বুলি ক’ব পৰা যায়৷
সিংহ ঃ ব্যৱসায়ত পৰিকল্পনা সফল অগ্রসৰ হ’ব পাৰিব৷ ঘৰুৱাত ভাল৷ আর্থিক লেনদেনত সতর্ক থকা ভাল হ’ব৷ বগা ৰুমাল গলত ৰাখিব৷
কন্যা ঃ নিবনুৱাসকলৰ দিনটো ভাল–বেয়াৰ মাজেৰে পাৰ হ’ব৷ পৰীক্ষার্থীয়ে পঢ়াত মনোযোগ দিয়ক৷ প্রেমত অশুভ৷
তুলা ঃ আজি ঘৰত কোনো আত্মীয়ৰ আগমন হ’ব পাৰে৷ প্রেমত শুভ আৰু বিবাহৰ প্রস্তাৱ আগবঢ়াব পাৰে৷
বৃশ্চিক ঃ ব্যৱসায়ত জামেলা থাকিব৷ আর্থিক লেনদেনত জটিল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷ চাকৰিয়ালসকলৰ বাবে দিনটো ভাল৷
ধনু ঃ গুৰুস্থানীয় ব্যক্তিৰ শাৰীৰিক ভাল দেখা নাযায়৷ বিদ্যাত অগ্রসৰ হ’ব পাৰিব৷ খং ৰাগ কৰি দিনটো বেয়া নকৰিব৷
মকৰ ঃ বিদ্যাত ভাল৷ চাকৰিয়ালসকল অলপ সাৱধান হোৱা ভাল৷ দূৰ ভ্রমণ নকৰিব৷ প্রেমত শুভ৷
কুম্ভ ঃ খং নিয়ন্ত্রণ কৰক৷ দাম্পত্য আৰু প্রেমত শুভ৷ ভ্রমণৰ সম্ভাৱনা আছে৷ বিদ্যাত বাধা৷
মীন ঃ নতুন কাম হাতত ল’ব পাৰে৷ ব্যৱসায়ীসকলৰ ভাল৷ প্রেম–প্রণয়ত শুভ৷ নতুন কর্ম লাভৰ যোগ৷

You might also like