নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ ‘ভাৰত জোড়ো যাত্রা’ প্রৱেশৰ প্রাক্ক্ষণত জম্মুত দুটা বিস্ফোৰণ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰী: কংগ্রেছৰ ‘ভাৰত জোড়ো যাত্রা’ৰ প্রৱেশ আৰু গণৰাজ্য দিৱসলৈ চাৰি দিন বাকী থকা অৱস্থাত আজি জম্মু–কাশ্মীৰত দুটাকৈ ৰহস্যজনক বিস্ফোৰণ সংঘটিত হয়৷ জম্মু জিলাৰ নাৰোৱাল অঞ্চলত ৰহস্যজনক দুটাকৈ বিস্ফোৰণত অতি কমেও ৬জন সাধাৰণ লোক আহত হৈছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, নাৰোৱালত আজি পুৱা ট্রেন্সপ’ৰ্ট নগৰৰ বাছ ৰখা স্থানত ইটোৰ পিছত সিটো দুটা বিস্ফোৰণ ঘটে৷ এই বিস্ফোৰণত আহত ৬জনক ততালিকে ওচৰেৰে চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে উক্ত স্থানলৈ আৰক্ষী, বোমা নিষ্ক্রিয়কাৰী স্কোৱাড আৰু ফৰেনছিক বিশেষজ্ঞৰ দল উপস্থিত হয়৷ বিস্ফোৰণ কেনেকৈ সংঘটিত হৈছে এতিয়ালৈকে আৰক্ষীয়ে কোনো শুংসূত্র লাভ কৰিবলৈ সক্ষম হোৱা নাই৷

You might also like