নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বজুৰি তথ্য–প্রযুক্তি খণ্ডত কর্মচাৰী চাটাই

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰী: তথ্য–প্রযুক্তি খণ্ডৰ জয়জয়–ময়ময় অৱস্থাৰ মাজতে বিশ্বৰ প্রখ্যাত তথ্য–প্রযুক্তি প্রতিষ্ঠানসমূহে অর্থনৈতিক অস্থিৰতাৰ দোহাই দি কর্মচাৰী চাটাই অভিযান চলাই আছে৷ বিগত বর্ষত মাইক্র’ছফট, আমাজন, টুইটাৰ আদিৰ দৰে প্রখ্যাত প্রতিষ্ঠানে কর্মচাৰী চাটাই প্রক্রিয়া আৰম্ভ কৰাৰ পিছত আন আন প্রতিষ্ঠানসমূহেও কর্মচাৰী চাটাই আৰম্ভ কৰিছে৷ বিগত বর্ষত আগশাৰীৰ প্রতিষ্ঠানত ৬০ হাজাৰতকৈ অধিক কর্মচাৰীক চাটাই কৰাৰ পিছত ২০২৩ চনৰ প্রাৰম্ভৰে পৰা ন ন তথ্য– প্রযুক্তি কোম্পানীয়ে কর্মচাৰী চাটাই আৰম্ভ কৰিছে৷ গুগ্লে ১০ হাজাৰ কর্মচাৰীক চাটাই কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ কর্মচাৰী চাটাই অভিযান চলাই টেছলাৰ মুৰব্বী তথা বিশ্বৰ ১নং ধনাঢ়্য ব্যক্তি বর্তমান টুইটাৰৰো স্বত্বাধিকাৰী এলন মাস্কে কঠোৰ সমালোচনাৰ সন্মুখীন আনকি আদালতৰ দ্বাৰস্থ হ’ব লাগিব বুলি কর্মচাৰীয়ে সকীয়াই দিয়াৰ পিছতো চাটাই অভিযান অব্যাহত ৰাখিছে৷ চাটাই অভিযান চলোৱা প্রতিষ্ঠানসমূহৰ ভিতৰত ক্রিপটো ডট কম, কইনবেছ, ছেলছফ’চ, মেটা, লিফট, ষ্ট্রাইপ, ছোপিফাই, নেটফ্লিক্স, স্নেপ, ৰবীনহুড আদি আছে৷ উল্লেখ্য যে অর্থনৈতিক অনিশ্চয়তা, ই–কমার্চ কার্যকলাপ নিম্নগামী, বিনিয়োগকাৰীৰ হেঁচা, ৰাজহ সংগ্রহ হ্রাসকে ধৰি কেইবাটাও কাৰণৰ বাবে কোম্পানীসমূহে কর্মচাৰী চাটাই চলাই আছে৷

You might also like