নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ৰ পৰা ১৫ আগষ্টৰ ভিতৰত মেট্ৰিক আৰু HS পৰীক্ষা

নিয়মীয়া বাৰ্তা, ৮ জুনঃ ১ৰ পৰা ১৫ আগষ্টৰ ভিতৰত অনুষ্ঠিত হ’ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা। কভিডৰ বাবে মেট্ৰিকত শিক্ষাৰ্থীয়ে তিনিটা বিষয়ৰ পৰীক্ষাত বহিব লাগিব। এই তিনিটা বিষয়ৰ পৰীক্ষাত যতেই সৰ্বোচ্চ নম্বৰ লাভ কৰিব সেই নম্বৰকে পৰীক্ষাত অৱতীৰ্ণ নোহোৱা আন তিনিটা বিষয়ৰ নম্বৰ হিচাপে গণ্য কৰা হব। উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ নিয়মাৱলী দুই-এদিনতে ঘোষণা কৰা হ’ব। এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

৫ ছেপ্টেম্বৰৰ ভিতৰতে ওলাব ফলাফল। আজি জনতা ভৱনত শিক্ষামন্ত্ৰী, ছেবা, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, স্বাস্থ্য বিভাগৰ বিষয়ববীয়াৰে আলোচনাত মিলিত হয় আছু, নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, অসম সাহিত্য সভা।

এই বৈঠকত ৩ খন প্ৰশ্নকাকতৰ পৰীক্ষা ৩ দিনৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰে সকলো সংগঠনে। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বৰ্ষ নষ্ট নকৰাকৈ ক’ভিড প্ৰটকল মানি পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰে আছুৱে।

 

 

You might also like