নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: দিনটোত মনলৈ কিছু আনন্দৰ বতৰা আহিব৷ উপার্জনত বাধা পাব৷ বিদ্যাত সুনাম৷ ৰাজনীতিকসকলে বিপদত সোমাই পৰিব৷ প্রেমত বাধা আহিব৷ ৰঙা শুভ ৰং৷ ১ শুভ সংখ্যা৷
বৃষ: শত্রুৰ দ্বাৰা ক্ষতিৰ আশংকা৷ ব্যৱসায়ীৰ চাপ বৃদ্ধি৷ চাকৰিৰ বাবে চেষ্টা কৰিব পাৰে৷ কর্মত ব্যস্ততা বাঢ়িব৷ আর্থিক দিশত প্রাপ্তি যোগ৷ প্রেমত অস্থিৰতা৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷
মিথুন: পাৰিবাৰিক সমস্যাই মনত দুখ দিব৷ ভ্রমণ কৰিলে কষ্ট পাব৷ কর্ম প্রতিভাৰ বিকাশ আৰু বিশিষ্ট ভাগ্যোদয়৷ নতুন বন্ধু লাভৰ ইংগিত৷ শুভ ৰং ৰহা৷ শুভ সংখ্যা ৪৷
কর্কট: আকস্মিক আঘাত প্রাপ্তিৰ সম্ভাৱনা৷ গুৰুজনৰ দ্বাৰা আসন্ন বিপদৰ পৰা মুক্তি লাভ৷ দেহ ভাব মধ্যম৷ কর্মক্ষেত্র গতানুগতিক৷ ব্যৱসায়িক সফলতা পাব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৩৷
সিংহ: দিনটোত আপুনি স্ব–কর্মত লাভৱান হ’ব৷ নির্ভাৱ ক্রমোন্নত৷ গৃহে শুভ অনুষ্ঠান হোৱাৰ যোগ৷ কথা–বতৰাত সংযত হওক৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৫৷
কন্যা: মূল্যৱান বস্তু ক্রয় কৰিব পাৰে৷ পত্নীৰ চিকিৎসাৰ কাৰণে অর্থ ব্যয় হ’ব৷ বিদেশত থকা আত্মীয়ৰ আগমনে সুখ বৃদ্ধি পাব৷ ৰঙা শুভ ৰং৷ শুভ সংখ্যা ৫৷
তুলা: বাধা–বিঘিনিৰ মাজেৰে কর্মে সাফল্য আৰু আয় বৃদ্ধি৷ পঢ়া–শুনাত গুৰুত্ব দিয়াটো ভাল৷ মাটি–বাৰীৰ সমস্যা বৃদ্ধি পাব৷ শুভ ৰং সেউজীয়া৷ ২ শুভ সংখ্যা৷
বৃশ্চিক: কামৰ চাপ বৃদ্ধি পাব৷ ওচৰ–চুবুৰীয়াৰ লগত মতানৈক্য ঘটিব পাৰে৷ অতিৰিক্ত ধন অলপ লাভ কৰিব পাৰিব৷ সন্ধিয়া কালত অলপ সতর্ক থাকক৷ শুভ ৰং মাটিয়া, শুভ সংখ্যা ৮৷
ধনু: উপযুক্ত কোনো লোকৰ সান্নিধ্যত সুখী হ’ব৷ ঘৰুৱা পৰিৱেশ বেয়া নাপাব৷ নতুন কোনো কামৰ সন্ধান পাব৷ ভ্রমণৰ পৰা লাভৰ কাৰক৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৩৷
মকৰ: আর্থিকত আশা কৰা মতে ফল নাপাব৷ দিনৰ দহ বজাৰ পিছত নতুন দ্রব্য ক্রয়ৰ যোগ৷ দায়িত্বপূর্ণ কামত মন দিয়ক৷ উপৰুৱা কথা নাভাবিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷
কুম্ভ: আজিৰ দিনটো আপোনাৰ ভাল–বেয়াৰ মাজত চলিব৷ যিকোনো কামতে ভাবি চিন্তি দায়িত্ব ল’ব৷ শৰীৰ মধ্যম৷ কোনো কাৰণে ব্যস্ততা৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷
মীন: আর্থিকত খৰচৰ মুখামুখি৷ ঘৰুৱা অশান্তি৷ বিদ্যাত মধ্যম৷ নতুন উৎসাহ পাব৷ শৰীৰ ভালেই বোলা যায়৷ ঘনিষ্ঠ ব্যক্তিৰ পৰা শত্রুতা আহিব পাৰে৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷

You might also like