হাতী-মানুহৰ সংঘাতে লাহে লাহে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে নগাঁৱত৷ ক’ৰবাত যদি বন্যহস্তীৰ আক্ৰমণত মৃত্যু হৈছে মানুহৰ, আন ক’ৰবাত ৰে’লৰ খুন্দা নাইবা বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে বন্যহস্তীৰ ৷ হাতী-মানুহৰ এই সংঘাতে এতিয়া জটিল ৰূপ ধাৰণ কৰিছে নগাঁৱত ৷
বিশেষকৈ নগাঁৱৰ কন্দলি পাহাৰৰ পৰা কিছু বছৰৰ পূৰ্বৰে পৰা নৱেম্বৰ-ডিচেম্বৰ মাহত খাদ্যৰ সন্ধানত ওলাই অহা জাক জাক হাতীয়ে নগাঁও জিলাৰ দক্ষিণ-পশ্চিম অঞ্চলত চলাই আহিছে ব্যাপক উপদ্ৰৱ৷ শালিধান পকাৰ সময়ত ওলাই অহা শতাধিক হাতীৰ জাকে ইতিমধ্যে ৰহা তথা নগাঁও জিলাৰ দক্ষিণ-পশ্চিম অঞ্চলত নিতৌ সৃষ্টি কৰিছে আতংক৷ দিনৰ ভাগত জলাহ তথা ডাঠ হাবিত আশ্ৰয় লৈ থাকে হাতীৰ জাকেটোৱ আৰু নিশা হ’লেই খাদ্যৰ সন্ধানত ওলাই আহে জনাঞ্চললৈ৷ শতাধিক বন্যহস্তীৰ জাকটোৱে খেতিপথাৰ তহিলং কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি আতংকৰ সৃষ্টি কৰি আহিছে৷
যোৱা এপষেকতে এই বন্যহস্তীৰ জাকটোৱে নগাঁও জিলাৰ দক্ষিণ-পশ্চিম অঞ্চলৰ প্ৰায় কুৰিৰো অধিক গাঁৱত উপদ্ৰৱ চলাই আহিছে ৷ বন্যহস্তীৰ পৰা ৰক্ষা পাবলৈ এতিয়া ৰাইজে উজাগৰী নিশা কটাবলগীয়া হৈছে৷ নগাঁও জিলা বন বিভাগ অসহায় নে এয়া অমনোযোগিতা? এয়া এক ডাঙৰ প্ৰশ্ন৷ যাৰ ফলত হস্তী-মানুহৰ সংঘাতত মানৱ কিম্বা বন্যহস্তীয়ে অৰ্থাত দুয়োকুলে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ ইয়াৰ পৰা পৰিত্ৰাণ কোনে দিব?
ডিজিটেল ডেস্ক, ২৩ ডিচেম্বৰ :