নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাওখোৱাত শতাধিক কংগ্ৰেছীৰ বিজেপিত যোগদান

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ সমাগত লোকসভা নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়ে৷ বিজেপি চৰকাৰৰ শাসন কালৰ সকলো কাম সাধাৰণ ৰাইজৰ ওচৰলৈ নিবলৈ দলটোৱে হাতত লৈছে ইটোৰ পিছত সিটো নতুন কাৰ্যসূচী৷ শেহতীয়াকৈ সমাজৰ শেষৰজন লোকলৈকে জনসম্পৰ্ক গঢ়িবলৈ ‘গাঁও চলো’ অভিযান আৰম্ভ কৰিছে বিজেপিয়ে। তাৰ অংশ হিচাপে যোৱানিশা নতুনকৈ চামগুৰিৰ পৰা কলিয়াবৰ সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা লাওখোৱাত উপস্থিত হয় দলীয় বিষয়ববীয়াৰ লগতে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মা। লাওখোৱাত হিতাধীকাৰীসকলৰ ঘৰত ৰাতি কটাই জনসম্পৰ্ক গঢ়াৰ লগতে গাঁৱৰ উন্নয়ন আৰু বিভিন্ন সমস্যাৰাজি সম্পৰ্কে বুজ লয় ৷ ইপিনে লাওখোৱাৰ সমূহীয়া ভৱনত এখনি যোগদান সভাও অনুষ্ঠিত হৈ যায়। উক্ত সভাত বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বহুসংখ্যক লোকে বিজেপিত যোগদান কৰে। যোগদান কৰাসকলক দীপ্লু ৰঞ্জন শৰ্মা আৰু বিজেপিৰ নেতা বিৰাজ কুমাৰ নন্দীয়ে দলীয় গামোচাৰে আদৰি লয় ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like