নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াত হস্তনিৰ্মিত মাৰণাস্ত্ৰসহ দুজনক আটক

নিয়মীয়া বাৰ্তা , ১১ ফেব্ৰুৱাৰীঃ কলগাছিয়া আৰক্ষীয়ে লাচাংগা গাঁৱৰ পৰা হস্তনিৰ্মিত পিষ্টল আৰু ৮ জাঁই সক্ৰিয় গুলীসহ দুজন লোকক আটক কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে আটক কৰা ব্যক্তি দুজন ক্ৰমে পশ্চিমবংগৰ মালদা জিলাৰ উত্তৰ যদুপুৰ গাঁৱৰ জাফৰ আলী আৰু ছম্বলপুৰ গাঁৱৰ বাদল হক বুলি জানিব পৰা গৈছে। লাচাংগা গাঁৱৰ লালচানৰ ঘৰত বাহৰ পাতি থকা অৱস্থাত ব্যাক্তি দুজনক আটক কৰে কলগাছিয়া আৰক্ষীয়ে। এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে দুৰ্ধৰ্ষ ব্যক্তি দুগৰাকীক। গ্ৰেপ্তাৰ হোৱা ব্যক্তি দুজনৰ পৰা বিস্ফোৰকজাতীয় পাউডাৰো উদ্ধাৰ কৰে আৰক্ষীয়ে। সম্প্ৰতি আটকাধীন ব্যক্তি দুগৰাকীক কলগাছিয়া আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। কলগাছিয়া অঞ্চলত কোনো দুষ্কাৰ্য সংঘটিত কৰাৰ বাবে ব্যক্তি দুজন বাহৰ পাতি আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় সচেতন লোকে।

প্ৰেৰক মফিদুল ইছলাম

You might also like