বিশেষ বাৰ্তা, নলবাৰী, ২৫ ছেপ্টেম্বৰ : জনতাৰ মৰমৰ শিল্পী তথা হামিং কিং ৰূপে খ্যাত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু নহয়। এয়া শ্যামকানু মহন্ত আৰু ৰক্ষকে ভক্ষকৰ ৰূপ লোৱা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ দ্বাৰা পৰিকল্পিত হত্যাকাণ্ড।- এই দাবী কৰিছে নলবাৰীৰ বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলে। এই দুজনক শাস্তিৰ দাবীত বিশ্ব হিন্দু পৰিষদ, বজৰংগ দল নলবাৰী জিলাৰ লগতে জুবিন অনুৰাগীয়ে কালি নলবাৰী জিলা পুথিভঁৰালৰ সন্মুখত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি দুয়োজনৰ জুমুঠি দাহ কৰে।
এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ প্ৰতিবাদকাৰীসকলে ‘শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ফাঁচী দিয়ক’, ‘চৰকাৰে অতি সুচাৰুৰূপে তদন্ত আৰম্ভ কৰক’, ‘ফেষ্টিভেল দালাল শ্যামকানু মহন্ত হুচিয়াৰ’, ‘সিদ্ধাৰ্থ শৰ্মা হুচিয়াৰ’, ‘দুয়ো দালালক গুলীয়াই মাৰক’, ‘দুই দালালক অসমবাসীৰ হাতত গতাই দিয়ক’ , ‘জুবিন গাৰ্গক ন্যায় দিয়ক’, ‘জুবিন গাৰ্গ অমৰ হওক’ আদি শ্লোগানেৰে নলবাৰী চহৰ কঁপাই তোলে ।
ইয়াৰ পিছত বিশ্ব হিন্দু পৰিষদ, বজৰংগ দল নলবাৰী জিলাৰ ফালৰ পৰা দুয়োৰে বিৰুদ্ধে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে বিশ্ব হিন্দু পৰিষদ -বজৰংগ দল উত্তৰ-পূব প্ৰান্তৰ সহ ধৰ্ম প্ৰচাৰ প্ৰমুখ অনুপ দাস, নলবাৰী জিলাৰ সভাপতি উপেন শৰ্মা, সম্পাদক ভাস্কৰ ডেকা, সহ: সম্পাদক বিজু দত্ত, নয়ন বৈশ্য, উপ-সভাপতি মানস পাটগিৰি, জিলাৰ ধৰ্ম প্ৰচাৰ প্ৰমুখ ধৰ্মেশ্বৰ হালৈ ,বজৰংগ দলৰ নলবাৰী জিলাৰ সংযোজক নয়নমণি তালুকদাৰ, ক্ৰীড়া সংগঠক পার্থ প্ৰতিম লহকৰকে আদি কৰি কেইবাশ কৰ্মী।
প্ৰেৰক অৰূপ বৰ্মন