নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোক নিৰাপত্তা দিয়া নাই, অ’চি এসপ্তাহত কোকৰাঝাৰলৈ বদলি হ’ব লাগিব

🔹 মানুহৰ সেৰেঙা উপস্থিতিত হতাশ আজমলৰ ক্ষোভ

নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিল : নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ৰূপহীহাট সমষ্টিৰ ৰূপহীহাট থানাৰ অধীনস্থ ভকত খেলপথাৰত কালি এ আই ইউ ডি এফৰ এখনি নিৰ্বাচনী সভা অনুষ্ঠিত হয় । উক্ত সভাত এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ প্ৰচাৰ চলাবলৈ অংশ লয় সাংসদ মৌলানা বদৰুদ্দিন আজমলে । কিন্তু আজমলে হেলিকপ্টাৰেৰে অৱতৰণ কৰাৰ সময়ত এক অথন্তৰ ঘটা দেখা যায় । ৰূপহী ভকত গাঁও খেলপথাৰত হেলিকপ্টাৰ অৱতৰণ কৰাৰ সময়ত উক্ত স্থানত প্ৰশাসনৰ লোক উপস্থিত থকা পৰিলক্ষিত নহয়। যাক কেন্দ্ৰ কৰি এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে মুকলি সভাত কংগ্ৰেছ আৰু বিজেপিক দোষাৰোপ কৰে যে ৰকিবুল হুছেইন আৰু সুৰেশ বৰাই মিলি আজমলক নিৰিপত্তা নিদিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। ৰূপহীহাট থানাৰ অ’চিৰ দাদাগিৰি নচলিব, এক সপ্তাহৰ ভিতৰত ৰূপহীহাট থানাৰ অ’চি বোলাৰাম তেৰেংক কোকৰাঝাৰলৈ বদলি হৈ যাব লাগিব বুলি উদাত্ত কণ্ঠে শ্লোগান দিয়ে । সাংসদ আজমলে প্ৰকাশ কৰে যে নিৰাপত্তাৰ দিশত কৰা এনে অৱহেলাৰ বাবে অভিযোগ দাখিল কৰিব । আনহাতে, দলটোৰ প্ৰভাৰী চম্পক কলিতাই আজমলৰ নিৰাপত্তাত অৱহেলা কৰাক লৈও ক্ষোভ প্ৰকাশ কৰে । ইফালে, ৰূপহীহাট আৰক্ষীয়ে প্ৰকাশ কৰা মতে, পৰহি সন্ধিয়া এ আই ইউ ডি এফ দলৰ নেতাই দিনৰ ১১ বজাত সভা অনুষ্ঠিত কৰাৰ বাবে আবেদন কৰিছিল আৰু উক্ত আবেদনত হেলিকপ্টাৰখন ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অৱতৰণ কৰাৰ কথা আছিল । কিন্তু ৰহস্যজনকভাৱে আবেদনৰ বিপৰীতে গৈ সাংসদ আজমলৰ হেলিকপ্টাৰখন নিৰ্ধাৰিত স্থানৰ পাৰ প্ৰায় ডেৰ কিঃমিঃ আঁতৰত সভা অনুষ্ঠিত হ’ব লগা খেলপথৰাতহে অৱতৰণ কৰে । সাংসদ আজমলৰ বিস্ফোৰক অভিযোগ সন্দৰ্ভত ৰূপহীহাট থানাৰ অ’চি বোলাৰাম তেৰেঙৰ সৈতে যোগাযোগ কৰাত  অ’চিগৰাকীয়ে কয় যে ১১ বজাত সভাৰ সময় আছিল যদিও সভাস্থলীত মানুহৰ সমাগম নোহোৱাৰ বাবে ১ বজাতহে স্থানীয় প্ৰশাসনক কোনো খবৰ নিদিয়াকৈ হেলিকপ্টাৰখন অৱতৰণ কৰায়। অ’চি তেৰেঙে প্ৰকাশ মতে, আবেদনৰ পিছতে ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিখন হেলিপেডত হেলিকপ্টাৰখন অৱতৰণৰ কথা আছিল, সেইখন নগাঁও জিলা আৰক্ষীৰ অতিৰিক্ত বিষয়াই পৰিদৰ্শন কৰি যোৱাৰো কথা প্ৰকাশ কৰে । উল্লেখ্য যে আজমলক  নিৰাপত্তা নিদি প্ৰদ্যূত বৰদলৈ আৰু সুৰেশ বৰাই মাৰ্ডাৰ কৰিব বিচাৰিছিল বুলি কৰা আজমলৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এ আই ইউ ডি এফৰ সভাত সংখ্যালঘু ৰাইজৰ সমাগম নোহোৱাৰ বাবেই সাংসদ আজমলে হতাশ হৈ প্ৰশাসনৰ ওপৰত ক্ষোভ উজাৰিছে বুলি চৰ্চা হৈছে । প্ৰশাসনে সদৰী কৰা তথ্যৰ পৰাও এই কথা প্ৰমাণ হৈ পৰিছে যে আজমলে কেৱল নিজৰ নিৰাপত্তাৰ কথাৰে সহজ-সৰল সংখ্যালঘু ৰাইজক আৱেগিক কৰিবলৈ এইদৰে ৰাজহুৱাকৈ মিছা কথাৰ ফুলজাৰি মাৰি গ’ল ।

 

প্ৰেৰক জহিৰুল ইছলাম

You might also like