নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৪ দিনত জব্দ ৪,৬৫০ কোটি টকা

🔹 সমগ্র দেশতে নির্বাচন আয়োগৰ তৎপৰতা

বিশেষ বাৰ্তা, ১৬ এপ্রিল : ধনবল–বাহুবল প্রয়োগ কৰি ৰাজনৈতিক দলসমূহে নির্বাচনী বৈতৰণী পাৰ হ’বলৈ চেষ্টা চলোৱাৰ অভিযোগ দীর্ঘদিনীয়া৷ কিন্তু এইবেলিৰ লোকসভা নির্বাচনৰ পূর্বে দল অথবা প্রার্থীৰ ধনবল প্রয়োগৰ অভিসন্ধি ভাৰতৰ নির্বাচন আয়োগৰ হস্তক্ষেপত বিফল হোৱাৰ দিশে আগবাঢ়িছে৷ কিয়নো দেশৰ স্বাধীনতাৰ ৭৫ বছৰৰ ভিতৰত লোকসভা নির্বাচনৰ ইতিহাসত নজিৰবিহীনভাৱে প্রতিদিনে দেশৰ ভিন্ন প্রান্তত ১০০ কোটি টকা নগদ ধন, নিচাজাতীয় সামগ্রী জব্দ কৰিবলৈ সক্ষম হৈছে৷ এক বিবৃতিত নির্বাচন আয়োগে সদৰী কৰা অনুসৰি, যোৱা ১ মার্চৰ পৰা ১৩ এপ্রিললৈ দেশৰ ভিন্ন প্রান্তত কেইবাটাও বলৱৎকাৰী সংস্থাই জব্দ কৰা ধন আৰু অন্যান্য সামগ্রীৰ মুঠ মূল্য হৈছে ৪,৬৫০ কোটি টকা৷ লক্ষণীয়ভাৱে প্রথম পর্যায়ৰ নির্বাচনৰ পূর্বে জব্দ হোৱা এই পৰিমাণ ২০১৯ চনত অনুষ্ঠিত সমগ্র লোকসভা নির্বাচনত জব্দ হোৱা ধনতকৈ বহু বেছি৷ ২০১৯ চনৰ সমগ্র নির্বাচনত বলৱৎকাৰী সংস্থাসমূহে নগদ ধন আৰু অন্যান্য জব্দ কৰা সামগ্রীৰ মুঠ মূল্য আছিল ৩,৪৭৫ কোটি টকা৷ নগদ ধনৰ উপৰি নির্বাচন আয়োগৰ হস্তক্ষেপত চলোৱা অভিযানসমূহত ড্রাগছ আৰু আন নিচাযুক্ত সামগ্রী জব্দ কৰিবলৈ অধিক গুৰুত্ব আৰোপ কৰা হৈছে৷ ইতিমধ্যে জব্দ কৰা সামগ্রীসমূহৰ ভিতৰত ৪৫ শতাংশই হৈছে ড্রাগছ আৰু নিচাযুক্ত সা–সামগ্রী৷ প্রেছ বিজ্ঞপ্তিটোত প্রকাশ কৰা অনুসৰি, ১ মার্চৰ পৰা ১৩ এপ্রিললৈ বলৱৎকাৰী সংস্থাসমূহে ৩৯৫.৩৯ কোটি টকা নগদ ধন জব্দ কৰিছে৷ ইয়াৰ বিপৰীতে এই একেই সময়ছোৱাত জব্দ কৰা সুৰাৰ পৰিমাণ হৈছে ৩,৫৮,২৯,৯২৪.৭৫ লিটাৰ৷ জব্দকৃত সুৰাৰ মূল্য হৈছে ৪৮৯.৩১ কোটি টকা৷ তদুপৰি বলৱৎকাৰী সংস্থাসমূহে ২,০৬৮.৮৫ কোটি টকাৰ ড্রাগছ, ৫৬২.১০ কোটি টকাৰ মূল্যৱান ধাতু ১,১৪২.৪৯ কোটি টকাৰ অন্যান্য সা–সামগ্রী জব্দ কৰিছে৷ নির্বাচন আয়োগৰ তথ্য অনুসৰি, ১ মার্চৰ পৰা ১৩ এপ্রিললৈ অর্থাৎ ৪৪ দিনত আন ৰাজ্যৰ সমান্তৰালকৈ অসমত বৃহৎ পৰিমাণৰ নগদ ধন আৰু অন্যান্য সা–সামগ্রী জব্দ কৰা হৈছে৷ তালিকাত উল্লেখ কৰা অনুসৰি, এই সময়ছোৱাত অসমত ৩.১৭ কোটি টকাৰ নগদ ধন ৰাজ্যৰ প্রান্তে প্রান্তে জব্দ হৈছে৷ তদুপৰি ১৩ এপ্রিললৈ অসমত ১৫,৯৪,৮৪২.৪৭ লিটাৰ সুৰা জব্দ কৰা হৈছে৷ যাৰ মূল্য হৈছে ১৯.২৭ কোটি টকা৷ একেদৰে ৰাজ্যখনত ৪৮.৭৬ কোটি টকাৰ ড্রাগছ, ৪৪.২২ কোটি টকাৰ মূল্যৱান ধাতু আৰু অন্যান্য সামগ্রী ২৫.৬৭ কোটি টকাৰ জব্দ কৰা হৈছে৷ সর্বমুঠ অসমত জব্দ কৰা নগদ ধন আৰু অন্যান্য সা–সামগ্রীৰ মুঠ মূল্য হৈছে ১৪১.১২ কোটি টকা৷ উল্লেখ্য যে লোকসভা নির্বাচনৰ দিন ঘোষণা কৰাৰ সময়তে মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কোনো দল অথবা প্রার্থীয়ে যাতে ধনবল প্রয়োগ কৰিব নোৱাৰে, তাৰ বিৰুদ্ধে তীব্র অভিযান চলোৱাৰ কথাও সদৰী কৰিছে৷ তেওঁ নির্বাচন আয়োগৰ সন্মুখত থকা ‘৪ এম’ প্রত্যাহ্বানৰ ভিতৰত এটা ধনবল বুলিও উল্লেখ কৰিছে৷ ইয়াৰ পাছতে তেওঁলোকে অবৈধ ধন সৰবৰাহ বন্ধ কৰিবলৈ প্রত্যেকখন ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধানক নির্দেশ দিছে৷ ইয়াৰ ভিত্তিতে আৰক্ষীৰ উপৰি আয়কৰ, আৰবিআই, এছএলবিচি, ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণ, বিচিএএছ, ৰাজ্যিক সামৰিক বিমানসেৱা, ইডি, চিআইএছএফ আৰু ডাক বিভাগে নগদ ধন আৰু মূল্যৱান সামগ্রীৰ বিৰুদ্ধে অভিযান চলায়৷ সেইদৰে ৰাজ্যিক আবকাৰী আৰু আৰপিএফে সুৰা, ৰাজ্যিক আৰক্ষী, এনচিবি, আইচিজি আৰু ডিআৰআয়ে নিচাজাতীয় সামগ্রীৰ বিৰুদ্ধে অভিযান চলায়৷ তদুপৰি এই সমগ্র প্রক্রিয়াটোত অসম ৰাইফলছ, বিএছএফ, এছএছবি, আইটিবিপি, চিআৰপিএফ, বন বিভাগ আৰু ৰাজ্যিক আৰক্ষী নিয়োজিত হৈ আছে৷ ধনবল প্রয়োগ কৰাৰ পৰা বিৰত ৰাখি এক স্বচ্ছ আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাৰ স্বার্থত বিগত জানুৱাৰীৰ পৰা নির্বাচন আয়োগৰ জ্যেষ্ঠ বিষয়াসকলে প্রত্যেকখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহ পৰিদর্শন কৰে৷ তেওঁলোকে মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্রধান আৰু বলৱৎকাৰী সঞ্চালকালয়সমূহৰ মুৰব্বীসকলৰ সৈতে পর্যালোচনা বৈঠক অনুষ্ঠিত কৰি এই দিশসমূহত নজৰ ৰাখিবলৈ কঠোৰ নির্দেশ দিয়ে৷ নির্বাচন আয়োগে পথ, ৰে’ল, জল আৰু বায়ু সকলো স্থানতে যুটীয়াভাৱে ৰাজ্যিক আৰক্ষী আৰু অন্যান্য সংস্থাসমূহৰ অভিযানৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ যাৰ পৰিপ্রেক্ষিতত জানুৱাৰী আৰু ফেব্রুৱাৰী মাহত নির্বাচন ঘোষণাৰ পূর্বে দেশৰ ভিন্ন প্রান্তত ৭৫০ কোটি টকাৰ নগদ ধন, সুৰা, ড্রাগছ, মূল্যৱান ধাতু আৰু অন্যান্য সা–সামগ্রী জব্দ হৈছিল৷ এই পৰিমাণ অন্তর্ভুক্ত কৰিলে নির্বাচন প্রক্রিয়া শেষ হোৱালৈ ছয় সপ্তাহ বাকী থকা অৱস্থাত নগদ ধনসহ জব্দ কৰা অন্যান্য সা–সামগ্রীৰ মুঠ পৰিমাণ ১২ হাজাৰ কোটি টকাতকৈও অধিক হ’ব৷ নির্বাচন আয়োগে ব্যয় সংবেদনশীল সমষ্টি হিচাপে চিহ্ণিত কৰা সংসদীয় সমষ্টিসমূহত বিশেষ নজৰ ৰাখিছে৷ এই সমষ্টিসমূহত ইয়াৰ পূর্বে নির্বাচনৰ প্রাকক্ষণত ধন বিলোৱা, সুৰা, ড্রাগছ আদিৰ সৰবৰাহ হোৱাৰ নজিৰ আছে৷ সেইদৰে ভাৰতৰ নির্বাচন আয়োগে জ্যেষ্ঠ বিষয়াক ব্যয় নিৰীক্ষক হিচাপেও নিযুক্তি প্রদান কৰিছে৷ সংসদীয় সমষ্টিসমূহত ৬৫৬জন আৰু অৰুণাচল প্রদেশ–ওড়িশা–অন্ধ্রপ্ৰদেশৰ বিধানসভা সমষ্টিসমূহত ১২৫জন ব্যয় নিৰীক্ষক নিযুক্তি দিয়া হৈছে৷ স্বাভাৱিকতে নির্বাচন আয়োগৰ এই তথ্যই একাংশ ৰাজনৈতিক দল আৰু প্রার্থীয়ে ধনবল–বাহুবলৰ চেষ্টাৰে নির্বাচনত প্রভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা চলাইছে নেকি বুলিও প্রশ্ন উত্থাপন হৈছে৷

You might also like