নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছলমান খানৰ বাসগৃহলৈ অচিনাক্ত দুর্বৃত্তৰ গুলী

🔹 লৰেন্স বিষ্ণোই গেঙৰ দায়িত্ব স্বীকাৰ

বিশেষ বাৰ্তা, ১৬ এপ্রিল : বলীউডৰ অভিনেতা ছলমান খানৰ বাসগৃহলৈ লক্ষ্য কৰি দুর্বৃত্তই গুলী চলোৱা ঘটনাৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্য৷ ছলমান খানৰ মুম্বাইস্থিত বাসগৃহ গেলেক্সীলৈ লক্ষ্য কৰি বাইক আৰোহী দুই দুর্বৃত্তই গুলীচালনা কৰাৰ ভিডিঅ’ চিচি টিভি কেমেৰাত বন্দী হয়৷ বাসগৃহৰ দেৱালত গুলী চলাই পলায়ন কৰে দুর্বৃত্তই৷ ইফালে, এই গুলীচালনাৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে কুখ্যাত লৰেন্স বিষ্ণোই গেঙে৷ লৰেন্স বিষ্ণোইৰ ভাতৃ অনমোলে ৰোহিত গোদ্ৰা নামৰ এজন শ্বুটাৰক ছলমানক আক্রমণৰ দায়িত্ব দিছিল৷ আনকি বহুদিন ধৰি ছলমানৰ গেলেক্সীৰ আশে–পাশে তথ্য যোগাৰ কৰিছিল এই শ্বুটাৰে৷ এই ঘটনাৰ পিছত আৰক্ষীয়ে নিৰাপত্তা অধিক নিশ্ছিদ্র কৰিছে অভিনেতা ছলমান খানৰ৷ ইফালে, গুলীচালনা কৰা দুজনৰ এজনক বিশাল ওৰফে কালু বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে৷ ২০২০ চনত প্রথমবাৰৰ বাবে মটৰচাইকেল চুৰিৰ গোচৰত গ্রেপ্তাৰ হৈছিল কালু৷ এই বাতৰি যুগুতোৱাৰ পৰলৈ আৰক্ষীয়ে দুর্বৃত্তক কৰায়ত্ত কৰিব পৰা নাই৷

You might also like