নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহোম-ক জনজাতিৰ মৰ্যাদা দিয়াটো মনেপ্ৰাণে কামনা কৰোঁ

আহোমৰ লক্ষ্য্ই হৈছে সকলোৰে বিকাশ, সেয়ে আহোমে কেতিয়াও কাৰো অপকাৰৰ চিন্তা নকৰে

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ‌ই ৰাজ্য উত্তাল কৰাৰ সময়তে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কয়, এজন আহোম হিচাপে ময়ো ছয় জনগোষ্ঠীৰ সমান্তৰালকৈ আহোমসকলৰ জনজাতিকৰণৰ পক্ষত আছোঁ।

তেওঁ লগতে কয়, আহোমে বিচাৰে একতা, আহোমে বিচাৰে বিকাশ৷ ছয় জনগোষ্ঠীক জনজাতিকৰণটো কেৱল আহোমে নহয় প্ৰতি অসমীয়াই বিচাৰে। অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আমালৈকে আমি সকলোৱে বিচাৰোঁ বৰ্তমানৰ যিসকল জনজাতি আছে তেওঁলোকৰ •০০০১ শতাংশ কোনো হানিবিঘিনি নহয়৷ জনজাতিসকলে পাই অহা সুবিধা, তেওঁলোকে পাই অহা সংৰক্ষণ তেওঁলোকে পাই অহা সুৰক্ষা এক বিন্দুও হানিবিঘিনি নোহোৱাকৈ ছয় জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সেয়াই বিচাৰিছে বুলি মন্তব্য কৰে ৷

তেওঁ কয় আহোমৰ লক্ষ্য্ই হৈছে সকলোৰে বিকাশ, সেয়ে আহোমে কেতিয়াও কাৰো অপকাৰৰ চিন্তা নকৰে।

উল্লেখ্য যে চিলাপথাৰত অনুষ্ঠিত লাচিত বৰফুকনৰ ৪০৩সংখ্যক জন্ম জয়ন্তীত উপস্থিত হৈ এই মন্তব্য আগবঢ়ায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

ডিজিটেল ডেস্ক, ২৫ নৱেম্বৰ

You might also like