পিতৃৰ অসুস্থতাত বিবাহ স্থগিত স্মৃতি মান্ধানাৰ, ভাবী স্বামী পলাশ মুছলকো চিকিৎসালয়ত ভর্তি
নিউজ ডেস্ক, ২৫ নৱেম্বৰ : আনন্দোৎসৱৰ ঘৰখনত অকস্মাতে উদ্বেগৰ ছবি৷ হালধি, মেহেন্দি, দৰা–কইনাৰ ক্রিকেট মেচ, এই সকলো লৈ ব্যস্ত হৈ পৰিছিল বিয়াঘৰ৷ এই আনন্দোৎসৱৰ মাজতে হৃদৰোগত আক্রান্ত হৈ চিকিৎসালয়ত ভর্তি হ’বলগীয়া হ’ল কইনা স্মৃতি মান্ধানাৰ পিতৃ৷ ইয়াৰ বাবে বিবাহখন পিছুৱাই দিবলগীয়া হয়৷ ইয়াৰ পিছতে ভাবী স্বামী পলাশ মুছলো অসুস্থ হৈ চিকিৎসালয়ত ভর্তি হ’বলগীয়া হয়৷
ইপিনে, ভাৰতীয় মহিলা ক্রিকেট দলটোৰ তাৰকা বেটাৰ স্মৃতি মান্ধানাই বিবাহ অনুষ্ঠানৰ সকলো ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰাই দিছে৷ বিশ্বকাপৰ সময়ত জানিব পৰা গৈছিল যে ২৩ নৱেম্বৰত স্মৃতি–পলাশৰ বিবাহ অনুষ্ঠিত হ’ব৷ সেই অনুসৰি, বিয়াৰ তাৰিখৰ বহু আগতেই স্মৃতিৰ ঘৰখন ব্যস্ত হৈ পৰিছিল৷ উপস্থিত হৈছিল বিশ্ব চেম্পিয়ন ভাৰতীয় মহিলা দলটোৰ সদস্যসকলো৷ হালধি, মেহেন্দি অনুষ্ঠানৰ ভিডিঅ’ও ভাইৰেল হৈ পৰে৷ আনকি, পলাশে স্মৃতিৰ লগত সংগীতৰ তালে তালে নাচিছিলো৷ ইয়াৰ মাজতে দৰা-কইনাৰ মাজত ক্রিকেট মেচো অনুষ্ঠিত হয়৷ স্বয়ং স্মৃতিয়ে তেওঁৰ কেইবাটাও ভিডিঅ’ আৰু ছবি ছ’চিয়েল মিডিয়াত আপলোড কৰে৷
দেওবাৰে বিয়লি ৪ বজাত বিবাহ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বিবাহ অনুষ্ঠানৰ পূর্বে হঠাতে স্মৃতিৰ পিতৃ শ্রীনিবাস মান্ধানা হৃদৰোগত আক্রান্ত হয়৷ লগে লগে তেওঁক এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ যোৱা হয়৷ এই ঘটনাৰ পিছত স্মৃতিৰ বিবাহ পৰিচালনা সমিতিয়ে সংবাদ মাধ্যমক জনায় যে বিবাহ অনুষ্ঠান পিছুৱাই দিয়া হৈছে৷ এই অনুষ্ঠান কেতিয়া হ’ব সেয়া জানিব পৰা হোৱা নাই৷
ইপিনে, কালি স্মৃতিৰ হ’বলগীয়া স্বামী পলাশ মুছলকো শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ জানিব পৰা মতে, ভাইৰাছৰ সংক্রমণ আৰু এচিডিটীৰ বাবে পলাশক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হয়৷ অৱশ্যে চিকিৎসাৰ অন্তত পলাশক ঘৰলৈ যোৱাৰ অনুমতি দিয়া হয়৷