নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাদৈত বিজেপিৰ দলীয় সভা; বিজেপিত যোগদান কংগ্ৰেছ-অগপকে ধৰি ২৫১ গৰাকী সদস্য

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ ভাৰতীয় জনতা পাৰ্টী অ’বিচি মৰ্চা দুলীয়াজান মণ্ডলৰ উদ‍্যোগত আৰু যুৱ মৰ্চাৰ সহযোগত ভাদৈত অনুষ্ঠিত এক দলীয় সভাত কংগ্ৰেছ-অগপকে ধৰি ২৫১ গৰাকী সদস‍্যই বিজেপি দলত যোগদান কৰে । ভাদৈ পাঁচআলি বিহুতলী প্ৰাংগণত অ’বিচি মৰ্চাৰ সভাপতি চেনিৰাম ফুকনৰ পৌৰহিত‍্যত অনুষ্ঠিত দলীয় সভাত দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰছ গোৱালা আৰু ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী ডেইজীৰাণী ফুকন শ‍্যামৰ উপস্থিতিত কংগ্ৰেছ-অগপৰ উপৰি আটছা সংগঠন আৰু বিভিন্ন পঞ্চায়তৰ পৰা অহা সদস‍্যসকলে বিজেপি নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰা লগতে কংগেছৰ দখলত থকা টিপলিং পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ কনকলতা দাসেও কংগ্ৰেছ দল ত‍্যাগ কৰি বিজেপিত যোগদান কৰে ।

এই দলীয় সভা অনুষ্ঠিত পূৰ্বেই বিধায়কগৰাকীয়ে উচ্চ আৰু উচ্চতৰ মাধ‍্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ভাদৈ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ মানপত্ৰ আৰু গামোছাৰে উষ্ম সম্বৰ্ধনা জনাই । এই কাৰ্যসূচীত উপস্থিত থাকে সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰিদীপ হাজৰিকা, দুলীয়াজান মণ্ডল সভাপতি সূদৰ্শন বসুমতাৰী, যুৱ মৰ্চাৰ জিলা সভাপতি জোনটি গগৈ, মহিলা মৰ্চাৰ জিলা সভানেত্ৰী মুনু বৰুৱা প্ৰমুখ্যে দলীয় কাৰ্যকৰ্তাসকল । এই সভাতে বিধায়ক গোৱালাই বিজেপি দললৈ আগমন ঘটা নতুন সদস‍্যসকলক শুভেচ্ছা জ্ঞাপন কৰা উপৰি সকলো একত্ৰিত হৈ দলীয় নীতি আদৰ্শ সাৰোগত কৰি এক উদ্দেশ্যৰে দলৰ হৈ কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰে ।

You might also like