নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোটা অংকৰ ধনৰ বিনিময়ত ৰাজ্যসভাৰ টিকট বিক্ৰী, বিস্ফোৰক অভিযোগ হৰভজন সিঙৰ

ডিজিটেল ডেস্ক, ২৩ মে’ : অলপতে বিজেপিত যোগদান কৰা প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে আম আদমী পাৰ্টীৰ বিৰুদ্ধে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰে। কিছুদিন আগলৈকে আপৰ সৈতে জড়িত থকা হৰভজনৰ দাবী- আম আদমী পাৰ্টীৰ শীৰ্ষ নেতাসকলে মোটা অংকৰ ধনৰ বিনিময়ত পঞ্জাবৰ ৰাজ্যসভাৰ আসন বিক্ৰী কৰিছে। তেওঁৰ এই মন্তব্যক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

আচলতে আপ এৰি বিজেপিলৈ যোৱাৰ পিছৰে পৰা ধাৰাবাহিকভাৱে কটাক্ষ আৰু আক্ৰমণৰ সন্মুখীন হৈছে হৰভজন সিং। ছ’চিয়েল মিডিয়াত বিজেপিবিৰোধী একাংশই তেওঁক তীব্ৰ সমালোচনা কৰি আহিছে। শেহতীয়াকৈ এনে এটা ছ’চিয়েল মিডিয়া পোষ্টত বিজেপিত যোগদান কৰা প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙক উদ্দেশ্য কৰি প্ৰশ্ন কৰা হয়, “বিজেপিত তেওঁ কিয় যোগদান কৰিলে আৰু যোগদান কৰাৰ সময়ত ৰাজ্যসভাৰ আসনখন কিয় এৰি নিদিলে?” আনকি আপ এৰি বিজেপিলৈ যোৱা সাংসদসকলক ২০ৰ পৰা ২৫ কোটি টকাকৈ ঘোচ দিয়া হৈছে বুলিও সেই পোষ্টটোত অভিযোগ কৰা হৈছিল।

উক্ত পোষ্টটোৰ উত্তৰ দি আপক ওলোটাই আক্ৰমণ কৰি প্ৰাক্তন ক্ৰিকেটাৰজনে কয়- “মোক গদ্দাৰ কোৱাৰ আগতে নিজৰ নেতাসকলক সোধক, পঞ্জাবৰ ৰাজ্যসভাৰ আসন বিক্ৰী কৰাৰ বাবে কিমান টকা ঘোচ লৈছে।” ভাজ্জিৰ স্পষ্ট মন্তব্য, “যদি আপোনালোকৰ নেতাই ক’ব নোৱাৰে, মই কৈ দিম কোনে কিমান টকা লৈছে। সকলো প্ৰশ্নৰ উত্তৰ সময় মতে দিয়া হ’ব।” তেওঁৰ দাবী, “কেৱল ৰাজ্যসভাৰ আসনেই নহয়, পঞ্জাবৰ একাধিক মন্ত্ৰিত্বৰ পদো বিক্ৰী কৰিছে আপে।”

উল্লেখ্য যে আম আদমী পাৰ্টীৰ বিৰুদ্ধে টকাৰ বিনিময়ত টিকট বিক্ৰীৰ অভিযোগ নতুন নহয়। বিজেপি বাৰে বাৰে এই বিষয়ত সৰৱ হৈ আহিছে। এইবাৰ পঞ্জাবত এই বিষয়টোক লৈ সৰৱ হৈ পৰিছে কংগ্ৰেছ দলো। হৰভজনৰ বিস্ফোৰক দাবীক হাথিয়াৰ কৰি কংগ্ৰেছ নেতা প্ৰতাপ সিং বাজৱাই কয়- “হৰভজনে উত্থাপন কৰা টিকট বিক্ৰীৰ অভিযোগ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এই সন্দৰ্ভত অৰবিন্দ কেজৰিৱাল আৰু ভগৱান্ত মানে উত্তৰ দিব লাগিব।”

You might also like