নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনী প্রচাৰত নিষিদ্ধ ৰোড শ্ব’–বাইক–চাইকেল ৰেলী

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ উপ–নির্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হোৱা তৎপৰতাৰ মাজতে আজি নির্বাচন আয়োগে নির্বাচনী প্রচাৰৰ ক্ষেত্রত কঠোৰভাৱে ক’ভিড নীতি–নিয়ম অনুকৰণ কৰা হ’ব বুলি স্পষ্ট কৰি দিছে৷ একমাত্র প্রচাৰৰ ক্ষেত্রতেই নহয়, ভোটগ্রহণ আৰু ভোটগণনাৰ সময়তো ক’ভিড নীতি কঠোৰভাৱে বলৱৎ হ’ব৷ আজি এই কথা স্পষ্ট কৰিলে ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই৷ খানাপাৰাস্থিত প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এখন সংবাদ মেল আয়োজন কৰি পাঁচ সমষ্টিৰ উপ–নির্বাচনৰ বিধি সন্দর্ভত বিস্তৃত তথ্য সদৰী কৰি মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে ৩০ অক্টোবৰত হ’বলগীয়া ভোটদানৰ পূর্বে ৰাজনৈতিক দলসমূহে যি প্রচাৰ চলাব, সেয়া নির্দিষ্ট সময়সীমাৰ ভিতৰত আবদ্ধ থাকিব৷ অর্থাৎ পুৱা ১০ বজাৰ পৰা গধূলি সাত বজালৈহে চলিব নির্বাচনী প্রচাৰ৷

আনহাতে, ভোটদানৰ ৪৮ ঘণ্টাৰ পৰিৱর্তে ৭২ ঘণ্টাৰ পূর্বেই প্রচাৰ অভিযান সামৰিব লাগিব ৰাজনৈতিক দলসমূহে৷ নির্বাচনী প্রচাৰৰ ক্ষেত্রত কোনোধৰণৰ ৰোডশ্ব’, বাইক ৰেলী–মটৰচাইকেল ৰেলী আদি নিষিদ্ধ কৰা হৈছে৷ কেৱল মাত্র ৫জন ব্যক্তি লৈহে প্রার্থীয়ে ঘৰে ঘৰে প্রচাৰ অভিযান চলাব লাগিব৷ তদুপৰি প্রচাৰৰ সময়ত প্রার্থীয়ে ২০খনতকৈ অধিক বাহন ব্যৱহাৰ কৰিব নোৱাৰে৷ মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে প্রকাশ কৰা মতে, মনোনয়ন দাখিলৰ সময়ত তিনিজন ব্যক্তিহে যাব পাৰিব৷

ইফালে, ভোটগণনাৰ সময়তো ক’ভিড বিধি কঠোৰভাৱে বলৱৎ কৰাৰ কথা জানিবলৈ দি মুখ্য নির্বাচনী বিষয়া খাড়েই কয় যে ভোটগণনাৰ সময়ত সামাজিক দূৰত্ব, মাক্স পৰিধান, ছেনিটাইজাৰ আদিৰ ব্যৱহাৰ নিশ্চিত হ’ব লাগিব৷ এইক্ষেত্রত জিলা নির্বাচনী বিষয়াই সকলো ব্যৱস্থা তদাৰক কৰিব লাগিব৷ তদুপৰি ভোট গণনাত নিয়োজিত প্রতিগৰাকী কর্মচাৰী, বিষয়া, ৰাজনৈতিক দলৰ প্রতিনিধি, দুয়োটা ক’ভিড ভেকচিন লোৱা হ’ব লাগিব৷ প্রতিটো ভোটগ্রহণ কেন্দ্রত একোজনকৈ স্বাস্থ্যকর্মী থকাটো নিশ্চিত হ’ব লাগিব৷

উল্লেখ্য যে উপ–নির্বাচন হ’বলগা ২৮নং গোসাঁইগাঁও, ৪১নং ভৱানীপুৰ, ৫৮নং তামুলপুৰ, ১০১নং মৰিয়নি আৰু ১০৭নং থাওৰা সমষ্টিৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে মনোনয়ন দাখিল পর্ব৷ মনোনয়ন দাখিলৰ অন্তিম দিন হ’ল ৮ অক্টোবৰ৷ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ১৬ অক্টোবৰ৷ ৩০ অক্টোবৰত ভোটগ্রহণ আৰু ২ নৱেম্বৰত ভোটগণনা সম্পূর্ণ কৰা হ’ব৷ মনোনয়ন দাখিল পর্বত আয়োগে ৰাজহুৱা সভা, শোভাযাত্রা আদিও সম্পূর্ণৰূপে নিষিদ্ধ কৰিছে৷

ইফালে, ৰাজহুৱা স্থানত নির্বাচনী প্রচাৰ চলোৱাৰ ক্ষেত্রত ষ্টাৰ কেম্পেইনাৰ থকা সভাত এহাজাৰ লোক আৰু সাধাৰণ প্রচাৰ অভিযানত ৫০০ লোকৰ অধিক হ’ব নোৱাৰাটো স্পষ্ট কৰি দিয়া হৈছে৷ একেদৰে প্রেক্ষাগৃহ বা আন সভাগৃহত অনুষ্ঠিত হ’বলগা নির্বাচনী সভাসমূহত ২০০জনতকৈ অধিক লোক সমৱেত হ’ব নোৱাৰিব৷ কোনো প্রার্থীয়ে ক’ভিড নীতি–নিয়ম ভংগ কৰিলে তেওঁক নির্বাচনী প্রচাৰৰ পৰা নিষিদ্ধ কৰা হ’ব৷ মন কৰিবলগীয়া যে ৫টা সমষ্টিৰ বাবে হ’বলগা উপ–নির্বাচনৰ বাবে আজিৰ দিনটোত ১২জন প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে বুলি আজি নির্বাচন আয়োগে জানিবলৈ দিছে৷

You might also like