নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৰুতৰ হৃদ ৰোগত আক্রান্ত ৰৌণক আলী হাজৰিকা

আৰক্ষীৰ জিম্মাত অসুস্থ অভিযুক্ত ডিআইজি

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ আয়ৰ সামঞ্জস্যহীন সম্পত্তি আহৰণৰ অভিযোগত গ্রেপ্তাৰ হোৱা নিলম্বিত উপ–মহাপৰিদর্শক (ডিআইজি) ৰৌণক আলী হাজৰিকা আৰক্ষীৰ জিম্মাতেই গুৰুতৰভাৱে অসুস্থ হৈ পৰিল৷ মঙলবাৰে গ্রেপ্তাৰ হোৱা আৰক্ষী বিষয়াজনক কালি মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী গোটে আদালতৰ জৰিয়তে নিজৰ  জিম্মাত লৈছিল৷ কালি নিশা পাণবজাৰ আৰক্ষী থানাত থকা ৰৌণক আলী হাজৰিকাই নিশা তীব্র বুকুৰ বিষ অনুভৱ কৰে৷ মাজনিশা বুকুৰ বিষত চটফটাই থকা বিষয়াজনক তেনেদৰে প্রত্যক্ষ কৰি দায়িত্বত থকা আৰক্ষীৰ মাজত হাহাকাৰ লাগে৷ প্রথম অৱস্থাত আৰক্ষী বিষয়া ৰৌণক আলী হাজৰিকাৰ এনে অস্থিৰতা পাকস্থলীৰ গেছৰ বাবে হোৱা বুলি ধাৰণা কৰিছিল৷ সেয়েহে দায়িত্বত থকা আৰক্ষীয়ে সাধাৰণ ঔষধ প্রদান কৰি বিষ নিৰাময়ৰ চেষ্টা কৰে যদিও শেষনিশা এই বিষ ভয়ংকৰ হৈ উঠাত উশাহ–নিশাহত কষ্ট অনুভৱ কৰে ৰৌণক আলী হাজৰিকাই৷ পুৱতিনিশা ততালিকে তেওঁক মহেন্দ্রমোহন চৌধুৰী হাস্পতাল (এমএমচিএইচ)ত ভর্তি কৰোৱা হয়৷

এমএমচিতে স্পষ্ট হয় যে আৰক্ষী বিষয়াজন হৃদৰোগত আক্রান্ত হৈছে৷ চিকিৎসালয়ত তেওঁৰ শাৰীৰিক অৱস্থাৰ দ্রুত অৱনতি ঘটাত পুৱাৰ ভাগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)লৈ নিয়া হয়৷ চিকিৎসকে ততালিকে আপতকালীন ৱার্ডত ভর্তি কৰে যদিও পৰৱর্তী সময়ত তেওঁক আইচিইউত ভর্তি কৰিবলগীয়া হয়৷ বর্তমান সংকটমুক্ত হৈ থকা ৰৌণক আলী হাজৰিকাৰ এতিয়াও চিকিৎসা অব্যাহত আছে৷

উল্লেখ্য যে আৰক্ষী বিষয়া হিচাপে দীর্ঘসময় ৰাজ্যৰ বিভিন্ন জিলাত কার্যনির্বাহ কৰা ৰৌণক আলী হাজৰিকাই গৃহ বিভাগৰ অনুমতি নোহোৱাকৈ ৯বাৰকৈ বিদেশ ভ্রমণ কৰিছিল৷ মুখ্যতঃ এই বিষয়টোক লৈয়ে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই তেওঁৰ বিৰুদ্ধে আৰম্ভ কৰা তদন্তকালত উদ্ধাৰ কৰিছে নতুন নতুন তথ্য৷ বিদেশ ভ্রমণেই নহয়, কেইবাটাও বেংক একাউণ্টৰ জৰিয়তে এইজন নিলম্বিত ডিআইজিয়ে কেইবা কোটি টকাৰো লেনদেন কৰিছে৷ আনকি বিদেশত তেওঁৰ দুই সন্তানক পঢ়োৱাৰ বাবদ ব্যয় কৰিছে ১.৭৫ কোটি টকা৷ এই বৃহৎ পৰিমাণৰ ধনৰাশিৰ উৎস দিব পৰা নাই নিলম্বিত বিষয়াজনে৷ বুধবাৰে বিশেষ ন্যায়িক আদালতে ১০ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্রেৰণ কৰাৰ পাছত পাণবজাৰ থানাতেই তেওঁক তদাৰকী শাখাই জেৰা চলাই আছিল৷ ইফালে, আন এক সূত্রই প্রকাশ কৰা অনুসৰি পূর্বেও হূদৰোগত আক্রান্ত হোৱা ৰৌণক আলী হাজৰিকাই যোৱা চাৰি বছৰত দুবাৰকৈ তেওঁৰ অস্ত্রোপচাৰ কৰিছিল৷ এনে অৱস্থাত পুনৰ হূদৰোগত আক্রান্ত হোৱা ঘটনাই তদন্তকাৰী দলকো কিছু পৰিমাণে চিন্তিত কৰি তুলিছে৷ আৰক্ষী সূত্রৰ মতে, ৰৌণক আলী হাজৰিকাৰ ওপৰত সদ্যহতে তদাৰকী গোটে কোনোধৰণৰ জেৰা নচলায়৷

You might also like