নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰিমগঞ্জৰ কংগ্রেছ প্রার্থীৰ সন্মুখতে বুথ দখলৰ হুংকাৰ দিলে সমর্থকে

🔹 অধিবক্তাৰ ভাইৰেল ভিডিঅ’ক লৈ তীব্র বিতর্ক
🔹 ঘটনা সন্দর্ভত এছপিক ব্যৱস্থা গ্রহণৰ নির্দেশ ডিজিপিৰ

বিশেষ বাৰ্তা, ১৬ এপ্রিল : নির্বাচনত কংগ্রেছে ধনবল–বাহুবল প্রয়োগ কৰাৰ অভিযোগ দীর্ঘদিনীয়া৷ পুনৰ দলটোৰ বিৰুদ্ধে বাহুবল প্রয়োগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্রেছৰ এক ভাইৰেল ভিডিঅ’ই বিতর্কৰ সৃষ্টি কৰিছে৷ যিটো ভিডিঅ’ত প্রার্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ সন্মুখতে এজন সমর্থকে প্রয়োজনসাপেক্ষে বুথ দখল কৰাৰ হুংকাৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ ভাইৰেল ভিডিঅ’টোত সমর্থকজনে এইদৰে কয়– ‘আমাৰ বিৰুদ্ধে এণ্টিচিপেটাৰী মেটাৰ যিবিলাক আহিব, সেইবিলাক কেনেকৈ চম্ভালিব লাগে, ইয়াৰ পৰিকল্পনা কৰিব লাগিব৷ বুথ মেনেজমেণ্ট কেনেকৈ কৰিম৷ যদি কেপচাৰিং লাগে, যদি দাদাগিৰি লাগে, কেনেকৈ কৰিম৷ যি ধৰণৰ যি কৰিব লাগে, সেয়াই কৰিম৷’ প্রার্থী চৌধুৰীৰ সন্মুখত সমর্থকজনে এই বক্তব্য ৰখাৰ পাছত তাত উপস্থিত আন লোকসকলে হাতচাপৰি বজাই সমর্থন জনায়৷ অৱশ্যে ভাইৰেল ভিডিঅ’টো কৰিমগঞ্জৰ কোন স্থানত কেতিয়া ৰেকর্ডিং কৰা হৈছিল তাৰ স্পষ্ট তথ্য প্রকাশ পোৱা নাই৷ ভিডিঅ’টোত বক্তৃতা দি থকা লোকজন কংগ্রেছৰ নেতা তথা গুৱাহাটী হাইক’ৰ্টৰ অধিবক্তা এ এছ তপাদাৰ বুলি জানিব পৰা গৈছে৷ ইফালে, এই ভিডিঅ’টো ইতিমধ্যে অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙৰ দৃষ্টিগোচৰ কৰোৱা হৈছে৷ জি পি সিঙে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকক যদিহে এইটো সত্য ঘটনা, তেনেহ’লে গুৰুত্ব সহকাৰে গ্রহণ কৰি ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে৷

You might also like