কাজিৰঙাত বনৰক্ষীৰ গুলীত চোৰাং চিকাৰী নিহত
- কাজিৰঙাত নিশা বনৰক্ষী আৰু চোৰাং চিকাৰীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়।
- গুলীয়াগুলীত এটা চোৰাং চিকাৰী নিহত হয় বনৰক্ষীৰ গুলীত।
- বুঢ়াপাহাৰ বনাঞ্চলৰ মাইটে বন শিবিৰ এলেকাত এই ঘটনাটো।
- ঘটনাস্থলীৰ পৰা চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা মাৰণাস্ত্ৰ উদ্ধাৰ কৰে।
- নিশাৰ ভাগত নদীপথেৰে নাও লৈ কাজিৰঙাত প্ৰৱেশ কৰাৰ খবৰ লাভ কৰিছিল বন বিভাগে।
- বন বিভাগে আগতীয়া খবৰ পোৱাৰ পাছতেই নিশা অভিযান চলাইছিল বন বিভাগে।
- বৰ্তমানো আন চোৰাং চিকাৰীক বিচাৰি অভিযান অব্যাহত ৰাখিছে বনাঞ্চলত।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ অক্টোবৰ