নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজনীয়া শিক্ষকৰে চলিছে দেশৰ ১ লাখ স্কুল, শিক্ষা মন্ত্রালয়ৰ প্রতিবেদনত উদ্বেগজনক চিত্র

শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে দেশৰ শিক্ষাখণ্ডৰ আমূল পৰিৱর্তনৰ ব্যাপক পদক্ষেপ লোৱাৰ সময়তে পোহৰলৈ আহিছে এক উদ্বেগজনক ছবি৷ যি সময়ত শিক্ষক নিযুক্তিক কেন্দ্র কৰি দেশত প্রতিখন ৰাজ্যতে সৃষ্টি হৈ আছে বিতর্ক, তেনে সময়তে শিক্ষা মন্ত্রালয়ৰ পৰিসংখ্যাত উন্মোচিত হৈছে শিক্ষাখণ্ডৰ আন এক পয়ালগা দৃশ্য৷

এই পৰিসংখ্যা অনুসৰি দেশৰ ১,০৪,১২৫খন বিদ্যালয় চলিছে এজনীয়া শিক্ষকেৰে৷ পৰিতাপৰ বিষয়টো হ’ল যে এই বিদ্যালয়সমূহত অধ্যয়ন কৰি আছে ৩৩.৭৬ লাখ শিক্ষার্থী৷ নতুন ৰাষ্ট্রীয় শিক্ষানীতিৰ জৰিয়তে ১প্রাথমিক পর্যায়ৰ পৰা স্নাতকোত্তৰ পর্যায়লৈ শিক্ষা ব্যৱস্থাৰ ব্যাপক পৰিৱর্তন সাধনেৰে দেশৰ শিক্ষাখণ্ডক বিশ্বৰ প্রতিযোগিতামূলক শিক্ষা ব্যৱস্থাৰ ওচৰলৈ নিয়াৰ প্রয়াস চলি থকাৰ সময়তে কেইবাখনো ৰাজ্যত এজনীয়া শিক্ষকেৰে চলি থকা বিদ্যালয়ে এনে প্রয়াসক ধূলিসাৎ কৰি তুলিছে৷

শিক্ষা মন্ত্রালয়ৰ পৰিসংখ্য অনুসৰি ২০২৪–২৫ শিক্ষাবর্ষত এজনীয়া শিক্ষকেৰে পৰিচালিত হৈ থকা এক লাখতকৈ অধিক বিদ্যালয়ত অধ্যয়ন কৰি আছে ৩৩,৭৬,৭৬৯গৰাকী শিক্ষার্থী৷ কার্যতঃ এজনীয়া শিক্ষকৰ প্রতিখন বিদ্যালয়ৰ প্রতিটো শ্রেণীত গড়ে ৩৪গৰাকী শিক্ষার্থীয়ে অধ্যয়ন কৰি আছে৷ মন কৰিবলগীয়া যে শিক্ষাৰ অধিকাৰ আইন ২০০৯ অনুসৰি প্রাথমিক পর্যায়ত (প্রথম–পঞ্চম শ্রেণী) শিক্ষক–ছাত্র–ছাত্রীৰ্ অনুপাত হ’ব লাগে ৩০ঃ১৷

আনহাতে উচ্চ প্রাথমিক পর্যায়ত (ষষ্ঠ–ষ্টম শ্রেণী) ছাত্র–শিক্ষকৰ অনুপাত হ’ব লাগে ৩৪ঃ১৷ কিন্তু এনে শিক্ষক–শিক্ষার্থীৰ অনুপাতক গুৰুত্বহীন কৰি দেশৰ এক লাখতকৈ অধিক বিদ্যালয় এজন শিক্ষকেৰে চলি থকা বিষয়টোৱে স্বাভাৱিকতে শিক্ষাখণ্ডৰ দুখলগা ছবি স্পষ্ট কৰি তুলিছে৷ শিক্ষা মন্ত্রালয়ৰ তথ্য অনুসৰি দেশৰ ভিতৰতে সর্বাধিক এজন শিক্ষকৰ বিদ্যালয় আছে অন্ধ্রপ্রদেশত৷ ৰাজ্যখনত ১২,৯২১খন এজনীয়া শিক্ষকৰ বিদ্যালয় থকাৰ বিপৰীতে উত্তৰ প্রদেশত এজনীয়া শিক্ষকৰ বিদ্যালয় আছে ৯,৫০৮খন৷

একেদৰে ঝাৰখণ্ডত আছে ৯১৭২খন, মহাৰাষ্ট্রত আছে ৮,১৫২খন আৰু কর্ণাটকত আছে ৭,৩৪০খন এজনীয়া শিক্ষকৰ বিদ্যালয়৷ আনহাতে মধ্যপ্রদেশত ৭,২১৭খন, পশ্চিমবংগত ৬,৪৮২খন, ৰাজস্থানত ৬,১১৭খন, ছত্তিশগড়ত ৫,৯৭৩খন আৰু তেলেংগানাত ৫,০০১খন বিদ্যালয় এজনীয়া শিক্ষকেৰে পৰিচালিত হৈ আছে৷

ইফালে এজনীয়া শিক্ষকৰ বিদ্যালয়ত ছাত্র–ছাত্রীৰ নামভর্তিৰ ক্ষেত্রত শীর্ষস্থান লাভ কৰিছে উত্তৰ প্রদেশে৷ ৰাজ্যখনৰ ৬,২৪,৩২৭গৰাকী শিক্ষার্থী এজনীয়া শিক্ষকৰ বিদ্যালয়ত পাঠগ্রহণ কৰি আছে৷ আনহাতে ঝাৰখণ্ডত ৪,৩৬,৪৮০গৰাকী শিক্ষার্থীয়ে, পশ্চিমবংগত ২,৩৫,৪৯৪গৰাকী শিক্ষার্থীয়ে, মধ্যপ্রদেশত ২,২৯,০৯৫গৰাকী শিক্ষার্থীয়ে, কর্ণাটকত ২,২৩,১৪২গৰাকী শিক্ষার্থীয়ে, অন্ধ্রপ্রদেশত ১,৯৭,১১৩গৰাকী শিক্ষার্থীয়ে আৰু ৰাজস্থানত ১,৭২,০৭১গৰাকী শিক্ষার্থীয়ে এজনীয়া শিক্ষকৰ বিদ্যালয়ত পাঠগ্রহণ কৰি আছে৷

লক্ষণীয়ভাৱে কেন্দ্রীয়শাসিত অঞ্চলৰ পুডুচেৰী, লাডাখ, দাদৰা–নগৰ হাভেলী, দমন–দিউ আৰু চণ্ডীগড়ত নাই এজনীয়া শিক্ষকৰ বিদ্যালয়৷ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত মাত্র চাৰিখনেই আছে এজনীয়া শিক্ষকৰ বিদ্যালয়৷ দেশৰ প্রতিখন ৰাজ্যৰ শিক্ষা বিভাগে এজনীয়া শিক্ষকৰ বিদ্যালয়ৰ সংখ্যা হ্রাস কৰাৰ লক্ষ্যৰে বিদ্যালয় একত্রীকৰণৰ পদক্ষেপ গ্রহণ কৰিছিল যদিও এনে পদক্ষেপে এজনীয়া শিক্ষকৰ বিদ্যালয়ৰ সংখ্যা মাত্র ৬ শতাংশহে হ্রাস কৰিবলৈ সক্ষম হৈছে৷ দেশৰ অন্য ৰাজ্যৰ সমান্তৰালকৈ অসমতো এজনীয়া শিক্ষকৰ বিদ্যালয়ৰ সংখ্যা যথেষ্ট৷

অসম বিধানসভাত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে দাঙি ধৰা তথ্য অনুসৰি প্রায় ২ হাজাৰৰো অধিক প্রাথমিক বিদ্যালয় এজনীয়া শিক্ষকেৰে চলি আছে৷ অৱশ্যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ শিক্ষকৰ পদ পূৰণ কৰাৰ লগতে বহু এজনীয়া শিক্ষকৰ বিদ্যালয় আন বিদ্যালয়ৰ সৈতে একত্রীকৰণ কৰাৰ পিছত এই সংখ্যা হ্রাস পাইছে যদিও নিম্ন প্রাথমিক পর্যায়ত প্রতিটো শ্রেণীৰ বিপৰীতে এতিয়াও এজন শিক্ষকেই পাঠদান কৰি আহিছে৷ শিক্ষা বিভাগৰ তথ্য অনুসৰি ২,২৭০ প্রাথমিক বিদ্যালয়ত এতিয়াও একোটা শ্রেণীত এজন শিক্ষক নিয়োগ হৈ আছে৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে সম্পন্ন কৰা গুণোৎসৱতো এজনীয়া শিক্ষকেৰে পৰিচালিত বিদ্যালয়ৰ দুৰৱস্থা স্পষ্ট হৈ পৰিছে৷

নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ অক্টোবৰ

You might also like