পিতৃ-মাতৃৰ সোঁৱৰণত আটকধুনীয়া তোৰণ নিৰ্মাণ : মাংগলিক নীতিৰে উদ্বোধন
কামাৰপাৰা নিৱাসী অৱসৰপ্ৰাপ্ত চৰকাৰী স্বীকৃতি প্ৰাপ্ত কৃতি শিক্ষক নবীন চন্দ্ৰ বৰ্মনে নিজ পিতৃ প্ৰয়াত দ্বাৰিকা চন্দ্ৰ বৰ্মন আৰু মাতৃ প্ৰয়াত সমলেশ্বৰী বৰ্মনৰ সোঁৱৰণত আটকধুনীয়া তোৰণ নিৰ্মাণ কৰি উলিয়ায়। কামাৰপাৰা হৈছে কোকৰাঝাৰ জিলাৰ ছালাকাটি উপ আৰক্ষী চকীৰ অন্তৰ্গত বঙাইগাঁও জিলাৰ সীমামূৰীয়া ঠাইত অৱস্থিত। তোৰণখন শংখ-ঘণ্টা-উৰুলিৰ ধ্বনিত ফিটাকাটি শভাৰম্ভ কৰে বাসুগাঁও শ্ৰীশ্ৰীবাসুদেৱ গৌৰীয় মঠৰ মঠাধক্ষ্য ভক্তি বেদান্ত স্বামীজী। তোৰণখন উদ্ধোধনৰ প্ৰাকক্ষণত বিশিষ্ট সমাজকৰ্মী ধ্বজেন চন্দ্ৰ বৰ্মনৰ সভাপতিত্বত এক সভা অনুষ্ঠিত হয়।
সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সমাজকৰ্মী শৈলেন পাঠকে নবীন চন্দ্ৰ বৰ্মনে পিতৃ-মাতৃৰ সোঁৱৰণত তোৰণ আৰ ককা (আতা)ৰ সোঁৱৰণত ‘ভোলানাথ’ কুটিৰ নামাংকিত কৰি এক মহৎ কাম সাধন কৰা বুলি কয় । শিক্ষক হিচাপে এক আদৰ্শ নিষ্ঠা অটুট ৰাখি কাম কৰি যোৱাত নিজৰ পুত্ৰ-কন্যা, ভতিজা-ভতিজী তেনে আদৰ্শৰে পৰিচালিত হৈ শিক্ষা-দীক্ষাৰ লগতে সকলো ফালেদি আগুৱাই গৈ আছে বুলি কয়।
গৃহস্থ নবীন চন্দ্ৰ বৰ্মনৰ নীতি আদৰ্শ বৰ্ণনা কৰি উপস্থিত সকলোকে আবেগিক কৰি তোলে বক্তা তথা অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকী। একেখন পৰিয়ালৰে অৱসৰপ্ৰাপ্ত শিক্ষক ৰবীন্দ্ৰ বৰ্মনে তেওঁলোকৰ পৰিয়ালৰ পূৰ্বপুৰুষসকল বৰ্তমান ধুবুৰী জিলাৰ বহলপুৰ নামে ঠাইত বসবাস কৰিছিল বুলি কয়।
তেওঁৰ ককাৰ দুগৰাকী পত্নী আছিল। দ্বিতীয় পত্নীগৰাকীক লৈ ঢোলমাৰা অঞ্চলৰ কামাৰপাৰালৈ আহিছিল। কামাৰপাৰাৰ চাৰিওফালে তেতিয়া হাবি-জংঘলৰে ভৰপূৰ আছিল। হাবি-বননি কাটি প্ৰায় নব্বৈ বিঘা মাটি উলিয়াই খেতি-বাতি কৰি কামাৰপাৰা গাঁৱৰ ঘৰখন আৰু বহলপুৰৰ পূৰ্বৰ ঘৰখন চোৱা-চিটা কৰিছিল। এইবুলি কয় অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী ৰবীন্দ্ৰ বৰ্মনে।
উল্লেখযোগ্য যে আটকধুনীয়া তোৰণখন উদ্ধোধনী অনুষ্ঠানত অঞ্চলৰ শিক্ষণ, সমাজকৰ্মী লোকেৰে ভৰি পৰা অনুষ্ঠানটিত ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হয়।
Niyomiya Barta Desk, 2 September