নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৫ বছৰৰ অপেক্ষা : মুকলি হ’ল কাশ্মীৰৰ সাৰদা ভৱানী মন্দিৰৰ সিংহদ্বাৰ

নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : ৯০ দশকৰ ৰক্তাক্ত সময় যেন অতীত হৈ গ’ল৷ লাহে লাহে জম্মু আৰু কাশ্মীৰত শান্তি আৰু শৃংখলাৰ ক্ষণ উভতি আহিছে৷ এনে এক ক্ষণেই প্রত্যক্ষ কৰা হৈছে৷

কাশ্মীৰৰ বাদগামত ৩৫ বছৰৰ মূৰকত মুকলি কৰা হ’ল সাৰদা ভৱানী মন্দিৰৰ সিংহদ্বাৰ৷ মন্দিৰ উদ্বোধনৰ সময়ত শুভ মহুৰত আৰু প্রাণ প্রতিষ্ঠাৰ সময়ত অগণন পাহাৰীয়া লোকে অংশগ্রহণ কৰি এই মন্দিৰৰ সিংহদ্বাৰ মুকলি অনুষ্ঠানক উজ্জীৱিত কৰি তোলে৷ কাশ্মীৰী পণ্ডিতৰ পৰিয়ালৰ সদস্যৰ লগতে এই অনুষ্ঠানত স্থানীয় মুছলিম সম্প্রদায়ৰ লোকেও অংশগ্রহণ কৰি সাম্প্রদায়িক সংহতিৰ উজ্জ্বল নিদর্শন দাঙি ধৰে৷

উল্লেখ্য যে ৯০ৰ দশকত সন্ত্রাসবাদীৰ দখললৈ যোৱা কাশ্মীৰৰ এই মন্দিৰটো বিগত ৩৫ বছৰ ধৰি বন্ধ হৈ আছিল৷ সম্প্রতি কাশ্মীৰ উপত্যকাত পূর্বৰ তুলনাত শান্তি উভতি অহাৰ পৰিপ্রেক্ষিততেই কাশ্মীৰী পণ্ডিতসকলৰ পৰিয়ালৰ লোকে চৰকাৰৰ সহযোগত এই মন্দিৰটো মুকলি কৰিবলৈ সক্ষম হৈছে৷ মন্দিৰ প্রতিষ্ঠা সমিতিৰ সভাপতি সুনীল কুমাৰ ভাটে প্রকাশ কৰা মতে, এই মন্দিৰটো পাকিস্তানত থকা সাৰদা মাতা মন্দিৰৰ এটি শাখা৷ তেওঁলোকে মন্দিৰটো পুনৰ মুকলি কৰাৰ বাবে চেষ্টা চলাই আহিছিল আৰু অৱশেষত স্থানীয় মুছলিম সম্প্রদায়ৰ সহযোগতেই সেই ক্ষণ আহি পালে৷

You might also like