নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত পাৰমাণৱিক ছাবমেৰিন দুর্ঘটনা, নিহত ৫৫ নাবিক !

🔹 ব্রিটিছ সংবাদ মাধ্যমৰ প্রতিবেদনক ‘মিছা’ আখ্যা বেইজিং প্রশাসনৰ

বিশেষ বাৰ্তা, ৫ অক্টোবৰ : বিদেশী নৌসেনাক প্রতিহত কৰাৰ বাবে গভীৰ সাগৰত সমৰসজ্জা প্রস্তুত কৰিছিল চীনে৷ কিন্তু সেই সমৰসজ্জালৈ নামি আহিল বিপর্যয়৷ দুর্ঘটনাত পতিত হৈছে চীনৰ এখন পাৰমাণৱিক ছাবমেৰিন৷ এই দুর্ঘটনাত প্রাণ হেৰুৱাইছে কেপ্টেইনসহ ৫৫জন চীনা নাবিকে৷ ব্রিটেইনৰ সংবাদ সংস্থা ডেইলী মেইলে এই ঘটনা পোহৰলৈ আনিছে যদিও চীনে ইয়াক অসত্য বুলি দাবী কৰিছে৷ ব্রিটেইনৰ জাহাজৰ গতিবিধি ৰোধ কৰিবলৈ ‘পীত সাগৰ’ (য়েলো ছী)ত ফান্দ পাতিছিল চীনে৷ তাতেই দুর্ঘটনাত পতিত হয় চীনা নৌ বাহিনীৰ পাৰমাণৱিক শক্তিসম্পন্ন ছাবমেৰিনখন ৷ ব্রিটেইনৰ চোৰাংচোৱাৰ সূত্রৰ উদ্ধৃতি দি ডেইলী মেইলে এই তথ্য সদৰী কৰিছে৷ ছাবমেৰিনখনৰ অক্সিজেন সৰবৰাহকাৰী যন্ত্র বিকল হৈ পৰাৰ ফলত কেপ্টেইনসহ ৫৫জন নাবিকে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে৷ ব্রিটিছ চোৰাংচোৱাৰ মতে, চীনা নৌসেনাৰ ছাবমেৰিন ০৯৩–৪১৭ৰ কেপ্টেইনগৰাকীৰো মৃত্যু হৈছে৷ চোৰাংচোৱাৰ দাবী অনুসৰি, যোৱা ২১ আগষ্টত পুৱা ৮.১২ বজাত এই শোকাৱহ দুর্ঘটনা সংঘটিত হয়৷ লক্ষণীয় বিষয়টো হৈছে বেইজিং প্রশাসনৰ তৰফৰ পৰা এই ঘটনাক সম্পূর্ণৰূপে অস্বীকাৰ কৰা হৈছে৷ বেইজিঙে এক বিবৃতিত সদৰী কৰা অনুসৰি, ব্রিটেইনৰ প্রতিবেদন মিছা৷ স্মর্তব্য যে মাত্র কেইদিনমান পূর্বে চীনৰ পাৰমাণৱিক ছাবমেৰিন এখন যোগাযোগ বিচ্ছিন্ন হৈ পৰা বুলি ব্রিটিছ সংবাদ মাধ্যমে দাবী কৰিছিল৷ সেই সংবাদো অস্বীকাৰ কৰিছিল চীনে৷

You might also like