নৱেম্বৰত বিধানসভাত জনজাতিকৰণক লৈ চৰকাৰে দিব প্রতিবেদন
ছয় জনগোষ্ঠী ক্রমে মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ চলি থকা বিতর্ক আৰু আলোচনাৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই জনগোষ্ঠীকেইটাৰ জনজাতিকৰণক লৈ দিলে এক ভাল খবৰ৷
মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত এই সন্দর্ভত কয়– ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ চৰকাৰ যথেষ্ট ইতিবাচক ধৰণে আগবাঢ়িছে৷ অহা নৱেম্বৰত হ’বলগা অসম বিধানসভাৰ অধিৱেশনত আমি ইয়াৰ প্রতিবেদন দাখিল কৰিম৷ ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ থকা সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰ বহু আগবাঢ়িছে৷
সমস্যাটো হ’ল কংগ্রেছ চৰকাৰৰ কার্যকালত বিধানসভাত তেওঁলোকে জনজাতিকৰণ সন্দর্ভত যি প্রস্তাৱ আনিছিল, সেই প্রস্তাৱ অনুসৰি কাৰো ক্ষতি নোহোৱাকৈ জনজাতিকৰণ কৰিব লাগে৷ কিন্তু জনজাতিকৰণ হ’ব লাগিলে কোনোবা এটা জাতিৰ ক্ষতি হ’বই৷ সেয়েহে বিধানসভাই কংগ্রেছে অনা প্রস্তাৱটোক নতুনকৈ অনুমোদন দিব লাগিব৷
এই প্রস্তাৱ অনুসৰি ক্ষতি হ’লেও জনজাতিকৰণ কৰিব লাগিব৷ বর্তমানলৈকে বিধানসভাত প্রস্তাৱ আছে যে কোনো জনগোষ্ঠীৰ ক্ষতি নোহোৱাকৈ জনজাতিকৰণ কৰিব লাগে৷ এই প্রস্তাৱটোক লৈ সৃষ্টি হোৱা সমস্যাৰ ওপৰত আমি যথেষ্ট আলোচনা কৰিছোঁ৷
গতিকে নৱেম্বৰত বিধানসভাত চৰকাৰে বিস্তৃত প্রতিবেদন দিব৷ তেতিয়া ৰাইজে দেখা পাব যে বর্তমানৰ চৰকাৰখনে কিমান ইতিবাচক আৰু গুৰুত্বসহকাৰে এই সমস্যাটোক সমাধানৰ বাবে চেষ্টা কৰি আছে৷
ইফালে, জনজাতিকৰণক লৈ অখিল গগৈয়ে আন্দোলনৰ বাবে দিয়া হুংকাৰক কটাক্ষ কৰি মুখ্যমন্ত্রীয়ে কয়– অখিল গগৈক আন্দোলন লাগে৷ কিন্তু আমাক আন্দোলন নালাগে৷ এয়াই পার্থক্য৷
Niyomiya Barta Desk, 10 September