তিনিচুকীয়াত বিশাল মটৰচাইকেল সমদলেৰে বহিৰাগত অপশক্তিক সকীয়নি
তিনিচুকীয়াত বিগত কিছুদিনৰ পৰা একাংশ বহিৰাগত অপশক্তিয়ে থলুৱা লোকক প্ৰহাৰ কৰি অহাৰ বিৰুদ্ধে তিনিচুকীয়াৰ জাতীয়-জনগোষ্ঠীয় দল-সংগঠন একত্ৰিত হৈছে ৷ আজি তিনিচুকীয়া চহৰত জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ উদ্যোগত এক প্ৰতিবাদী বিশাল মটৰচাইকেল সমদল বাহিৰ কৰে৷ সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, সদৌ টাই আহোম ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থাৰ লগতে কেইবাটাও সংগঠনৰ উদ্যোগত সহশ্ৰাধীক লোকে একত্ৰিত হৈ বৰগুৰিস্থিত আই টি আই খেলপথাৰৰ পৰা সমদলটো আৰম্ভ কৰি ভি আই পি পথেৰে হিজুগুৰি হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চিৰাপত্তী হৈ থানা চাৰিআলিত সামৰণি মাৰে।
প্ৰতিবাদী মটৰচাইকেল সমদলটোৰ বহিৰাগত অপশক্তি হুঁচিয়াৰ, অসমত বহিৰাগতৰ দপদপনি নচলিব, বহিৰাগতৰ দপদপনি সহ্য কৰা নহ’ব, থলুৱা খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰক আদি বিভিন্ন শ্ল’গানেৰে তিনিচুকীয়াৰ আকাশ বতাহ মুখৰিত হৈ পৰে।
সমদলটো থানা চাৰিআলিত সামৰণি মৰাৰ মূহূৰ্তত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক সুৰজিৎ মৰাণ, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বড়া, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক স্বৰূপ গোঁহাই, আটাছুৰ সাংগঠনিক সম্পাদক দিপাংকৰ গোঁহাইৰ লগতে চুতীয়া ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্বই বক্তব্য আগবঢ়াই অসমত খিলঞ্জীয়া জনগনৰ ভৱিষ্যত সুৰক্ষিত হ’বই লাগিব বুলি উল্লেখ কৰি বাণিজ্যিক চহৰখনত বিগত কিছুদিনধৰি তিনিচুকীয়াত বৃদ্ধি পাই অহা বহিৰাগতৰ আক্ৰমণৰ বিৰুদ্ধে এই প্ৰতিবাদী সমদল বাহিৰ কৰা বুলি সদৰি কৰে।
লগতে আজিৰ মটৰচাইকেল সমদলটোৰ পৰা বহিৰাগত সকলক সম্প্ৰতিৰে তিনিচুকীয়াত বসবাস কৰিবলৈ সকিয়নী প্ৰদান কৰি খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ, তুচ্ছ তাচ্ছিল্য কৰিলে পৰিনাম ভয়াবহ হব বুলিও খিলঞ্জীয়া দল সংগঠনৰ নেতৃত্বই হুংকাৰ প্ৰদান কৰে ৷ সমান্তৰালভাৱে অসমত ইনাৰ লাইন পাৰ্মিট প্ৰদান কৰিবলৈ দাবী জনাই চৰকাৰক এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই।
বিশেষ বাৰ্তা, তিনিচুকীয়া, ২৯ আগষ্ট