নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘিলামৰাত অৰ্গেনিক কৃষি সেৱা গোটৰ জৈৱিক সাৰৰ উৎপাদন কেন্দ্ৰ উদ্বোধন-সজাগতা সভা

নিয়মীয়া বাৰ্তা, ৮ জুনঃ লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ঘিলামৰা মইনাপৰাৰ অৰ্গেনিক কৃষি সেৱা গোটৰ জৰিয়তে স্থাপন কৰা জৈৱিক সাৰ উৎপাদন কেন্দ্ৰৰ আজি শুভ উদ্বোধন কৰে North East Institute of science and Technology Jorhatৰ Chief Scientist জয়ন্ত জিত বৰা আৰু senior scientist principal ড° ৰাতুল শইকীয়াই ৷ ঘিলামৰা মইনাপৰা গাঁৱত স্থাপন কৰা ফাৰটিগেনিক জৈৱিক সাৰ উৎপাদন কেন্দ্ৰ উদ্বোধন কৰি শইকীয়াই ইয়াৰ জৰিয়তে কৃষক ৰাইজ উপকৃত হব বুলিও মন্তব্য কৰে ৷ “অৰ্গেনিক কৃষি সেৱা গোট“ৰ সভাপতি পবিত্ৰ চেতিয়া আৰু সম্পাদক পৱন ( পিংকু ) ফুকনৰ আহ্বানত পৰৱৰ্তী সময়ত নৰ্থ বেংক মহাবিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক হৰেন শইকীয়াৰ সভাপতিত্বত অনুস্থিত ফাৰটিগেনিক জৈৱিক সাৰৰ ওপৰত অনুষ্ঠিত সজাগতা সভা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত জিলা পশু চিকিৎসক কেশৱ গগৈয়ে ৷ চিলাপথাৰ টাউন মহাবিদ্যালয়ৰ অধ্যাপক যোগানন্দ গগৈয়ে আঁত ধৰা সভাত North East Institute of Science and Technology যোৰহাটৰ ড° ৰাতুল শইকীয়া আৰু জয়ন্ত জিত বৰা সমল ব্যক্তি, অমৃত অৰ্গেনিক দুলীয়াজানৰ স্বত্বাধিকাৰী দিলীপ তালুকদাৰ, ঘিলামৰাৰ বিশিষ্ট চাহ খেতিয়ক দিলীপ কোচ, সমাজকৰ্মী বুবুল গগৈ, ঘিলামৰা গাঁও পঞ্চায়ত সভাপতি দী0পাঞ্জলি গগৈ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকাৰ লগতে কৃষক ৰাইজ উপস্থিত থাকে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like