নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিবিএছইৰ দশম–দ্বাদশত বিভাগ–ডিষ্টিংচন বিলুপ্তি

🔹 পাঁচটা বিষয়ৰ নম্বৰৰ ভিত্তিত কলেজত ছাত্র–ছাত্রীক নামভর্তিৰ সুযোগ

বিশেষ বাৰ্তা, ২ ডিচেম্বৰ : কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চিবিএছইৰ দশম আৰু দ্বাদশ শ্রেণীৰ ব’ৰ্ড পৰীক্ষাত নাথাকিব কোনো বিভাগ আৰু ডিষ্টিংচন৷ অর্থাৎ দ্বাদশ আৰু দশম শ্রেণীৰ পৰীক্ষার্থীক বিভাগ আৰু ডিষ্টিংচনেৰে স্বীকৃতি দিয়া নহয়৷ চিবিএছইৰ পৰীক্ষা নিয়ন্ত্রক শ্যানম ভৰদ্বাজে এই ঘোষণা কৰিছে৷ চিবিএছইৰ বিবৃতিত প্রকাশ পোৱা মতে, যদি কোনো শিক্ষার্থীৰ ৫টাতকৈ অধিক বিষয় থাকে, তেতিয়াহ’লে কোনো প্রতিষ্ঠানত নামভর্তিৰ বাবে শ্রেষ্ঠ ৫ বিষয়ৰ নম্বৰৰ ভিত্তিত সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ ব’র্ডে গণনা/ঘোষণা/নম্বৰৰ শতাংশ ঘোষণা নকৰে৷ যদি উচ্চ শিক্ষা অথবা নিযুক্তিৰ বাবে নম্বৰৰ শতাংশৰ প্রয়োজন হয়, তেতিয়াহ’লে নামভর্তি কৰা শৈক্ষিক প্রতিষ্ঠান অথবা নিযুক্তিদাতাই নম্বৰৰ শতাংশৰ ব্যৱস্থা কৰি ল’ব লাগিব৷ উল্লেখ্য যে বিগত বর্ষত চিবিএছইয়ে দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষাৰ ফলাফলত শিক্ষার্থীৰ মেধাৰ তালিকা প্রকাশ কৰা নাছিল৷ আনকি শীর্ষস্থানো ঘোষণা কৰা নাছিল৷ এই দুটা পদক্ষেপৰ পিছত দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষাত বিভাগ আৰু ডিষ্টিংচন প্রদান নকৰা সিদ্ধান্ত গুৰুত্বপূর্ণ৷ উল্লেখযোগ্য যে চলিত বর্ষৰ দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষা ফেব্রুৱাৰী মাহৰ পৰা অনুষ্ঠিত হ’ব৷

You might also like