নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডিয়ান বেংকত কার্যালয় সহায়কৰ প্রয়োজন

🔴আবেদনৰ অন্তিম তাৰিখ ৩১ আগষ্ট

ইণ্ডিয়ান বেংকত চাকৰিৰ সুযোগ আহিছে নিবনুৱাসকলৰ বাবে৷ সেই অনুসৰি বেংকৰ ৱেবছাইটত নিয়োগৰ বিজ্ঞাপন প্রকাশিত হৈছে৷ বেংকৰ বাবে কার্যালয় সহায়ক নিযুক্তি দিয়া হ’ব৷ ইণ্ডিয়ান বেংক ৰুৰেল ছেলফ এমপ্লয়মেণ্ট ট্রেইনিং ইনষ্টিটিউটৰ তৰফৰ পৰা এই বিজ্ঞাপন প্রকাশিত হৈছে৷ চুক্তিৰ ভিত্তিত কাম কৰিব লাগিব এই পদত নিযুক্ত প্রার্থীসকলে৷ চুক্তিৰ ম্যাদ থাকিব ৩ বছৰ৷ প্রতিমাহে দৰমহা দিয়া হ’ব ১২,০০০ টকা৷ তদুপৰি কিছু বর্ধিত সা–সুবিধাও থাকিব৷ আবেদনকাৰীসকলৰ বয়স ২২ৰ পৰা ৪০ বছৰৰ ভিতৰত হোৱা প্রয়োজন৷ ইয়াৰ উপৰি যিকোনো স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানৰ পৰা স্নাতক উত্তীর্ণ হ’ব লাগিব৷ কম্পিউটাৰৰ কামত দক্ষতা থাকিব লাগিব৷ বিশেষকৈ এমএছ অফিচ, ইণ্টাৰনেট, টেলীৰ দৰে বিষয়সমূহত দক্ষতা থকা প্রয়োজন৷ পূর্বে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব৷ লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে প্রার্থী নিয়োগ কৰা হ’ব৷ প্রার্থীসকলে ইণ্ডিয়ান বেংকৰ ৱেবছাইটলৈ যাব লাগিব৷ হোম পেজৰ পৰা কেৰিয়াললৈ গ’লে সংশ্লিষ্ট বিজ্ঞাপনটো দেখা যাব৷ তাৰ পৰা আবেদন– পত্র ডাউনলোড কৰিব লাগিব৷ তাৰ পিছত পূৰণ কৰা আবেদন–পত্র আৰু প্রয়োজনীয় নথি–পত্র বিজ্ঞাপনত দিয়া ঠিকনাত জমা দিব লাগিব৷ আবেদন– পত্র জমা দিয়াৰ শেষ দিন ৩১ আগষ্ট৷

You might also like