নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূৰবী ডেইৰী, গুৱাহাটীত পদ খালী

✅আবেদনৰ অন্তিম তাৰিখ ৪ আগষ্ট

ৱেষ্ট আছাম মিল্ক প্রডিউচার্ছ কো–পাৰেটিভ ইউনিয়ন লিমিটেড তথা পূৰবী ডেইৰী ৰূপে পৰিচিত সংস্থাটিয়ে আগ্রহী প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ এছিছটেণ্ট ১ (কোৱালিটী এছুৰেঞ্চ)ৰ খালী পদ এটা৷ দৰমহাৰ নিৰিখ বছৰি ৩.৩৭ লাখ টকা৷ ইয়াৰ লগতে অন্যান্য সা–সুবিধাসমূহো আছে৷ এই পদৰ বাবে প্রার্থীসকলে কোনো স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা ইণ্ডিয়ান ডেইৰী ডিপ্ল’মা (ডেইৰী টেকন’লজী)/ডিএছচি (কেমেষ্ট্রি)/এমএছচি (কেমেষ্ট্রী) ডিগ্রীধাৰী হ’ব লাগিব৷ তদুপৰি মিল্ক/ফুড ইণ্ডাষ্ট্রী আদি প্রতিষ্ঠানত ১–২ বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব৷ প্রার্থীসকলৰ বয়স হ’ব লাগিব ২০২৩ চনৰ ১ জানুৱাৰীত ২৮ বছৰৰ ভিতৰত৷ অৱশ্যে নির্দিষ্ট কাৰণত বয়সৰ সীমা ৰেহাই দিয়া হ’ব৷ এই পদৰ আবেদনৰ অন্তিম তাৰিখ ২৮ জুলাই৷ আন এটা খালী পদ এছিছটেণ্ট ১ (ফাইনেঞ্চ এণ্ড একাউঞ্চ)৷ দৰমহা বছৰি ৩.৩৭ লাখ টকা৷ প্রার্থীসকল কোনো স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠান অথবা বিশ্ববিদ্যালয়ৰ পৰা বি কম ডিগ্রীধাৰী হ’ব লাগিব৷ তদুপৰি, প্রার্থীসকলে কোনো নামী প্রতিষ্ঠানত ফাইনেঞ্চ আৰু একাউঞ্চত ২–৩ বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব৷ ২০২৩ চনৰ ১ জানুৱাৰীত প্রার্থীসকলৰ বয়স ২৮ বছৰৰ ভিতৰত হ’ব লাগিব৷ এই পদত আবেদনৰ অন্তিম তাৰিখ ৪ আগষ্ট৷ এছিছটেণ্ট ১ মার্কেটিং (ছেলছ এণ্ড ডিষ্ট্রিবিউচন)ৰ খালী পদ ১টা৷ দৰমহা বছৰি ৩.৩৭ লাখ টকা৷ ডেইৰী ইণ্ডাষ্ট্রীত ছেলছ এণ্ড ডিষ্ট্রিবিউচনত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব৷ বিশ্ববিদ্যালয় অথবা কোনো স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানৰ পৰা স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ প্রার্থীৰ বয়স চলিত বর্ষৰ ১ জানুৱাৰীত ৩০ বছৰৰ অধিক হ’ব নালাগিব৷ সাক্ষাৎকাৰৰ দিন ২১ জুলাই৷ এছিছটেণ্ট ১ (প্রকিউৰমেণ্ট এণ্ড ইনপুট)ৰ ১টা খালী পদ৷ দৰমহা বছৰি ৩.৩৭ লাখ টকা৷ প্রার্থীসকলে কোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয় অথবা শিক্ষা প্রতিষ্ঠানৰ পৰা স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ তদুপৰি, উল্লিখিত খণ্ডত এবছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব৷ প্রার্থীৰ বয়স চলিত বর্ষৰ ১ জানুৱাৰীত ২৮ বছৰৰ অধিক হ’ব নালাগিব৷ সাক্ষাৎকাৰৰ তাৰিখ ২২ জুলাই৷ আগ্রহী প্রার্থীসকলে নির্ধাৰিত দিনৰ পূর্বে ১ আৰু ২ নম্বৰ পদত– হেড এইচআৰ, ৱেষ্ট আছাম, মিল্ক প্রডিউচার্ছ কো–পাৰেটিভ ইউনিয়ন লিমিটেড, আৰকে জ্যোতিপ্রসাদ আগৰৱালা ৰোড, জুৰিপাৰ পাঞ্জাবাৰী, ছিকিম হাউছৰ কাষত গুৱাহাটী–৭৮১০৩৭ ঠিকনাত আবেদন পঠিয়াব লাগিব৷ আনহাতে, ৩ আৰু ৪ নম্বৰ পদৰ বাবে উল্লিখিত ঠিকনাত প্রার্থীসকলে সাক্ষাৎকাৰৰ বাবে উপস্থিত থাকিব লাগিব৷

You might also like