নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছ’চিয়েল মিডিয়াত ভাইৰেল শিলচৰৰ যুৱক-যুৱতীৰ অন্তৰংগ ভিডিঅ’

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ এটা ভেনৰ ভিতৰত এহাল যুৱক-যুৱতীৰ অশ্লীল অন্তৰংগ মুহূৰ্তৰ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ ফলত কাছাৰ জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যোৱা ২৬ নৱেম্বৰৰ নিশা প্ৰায় ৮ বজাত শিলচৰ চহৰৰ সমীপৰ শিলকুৰিৰ বৰমবাবা মেলাৰ সংলগ্ন ছিংগৰা হাউছৰ সমীপত সংঘটিত হৈছিল এই ঘটনা। উল্লেখ্য যে যুৱক-যুৱতী দুয়োৰে ঘৰ ধলাই সমষ্টিৰ দাৰ্বি চাহ বাগিচাত। এই ঘটনা ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত ভিডিঅ’টোত থকা যুৱতীগৰাকীয়ে দাৰ্বি বাগানৰ যুৱকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ধলাই থানাত গোচৰ ৰুজু কৰে। তেওঁ কয় যে বৰমবাবা মেলাৰ পৰা ঘৰলৈ অহাৰ পথত যুৱকজনে তেওঁক ঘৰলৈ যাবলৈ তেওঁৰ ভেনত মাতিছিল। তাৰ পিছত ধৰ্ষণৰ চেষ্টা কৰে। সেই সময়ত এজন ব্যক্তিয়ে ঘটনাটো কেমেৰাত ধৰি ছচিয়েল মিডিয়াত প্ৰচাৰ কৰিছিল। ইফালে যুৱতীগৰাকীয়ে অভিযোগ কৰে যে যুৱকজনে তেওঁক আৰু তেওঁৰ পৰিয়ালৰ লোকক ভাবুকি দি ঘটনাটো গাপ দি গোচৰ ৰুজু কৰিছে। সম্প্ৰতি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like