নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

INDIA মিত্ৰজোঁটত বিভ্ৰাট : কংগ্ৰেছৰ মুখথেকেচা

বিশেষ বাৰ্তা, ৫ ডিচেম্বৰঃ লোকসভা নিৰ্বাচন সন্দৰ্ভত INDIA মিত্ৰজোঁটৰ বৈঠক পিছুৱাই দিয়া হৈছে। কাইলৈ নতুন দিল্লীত INDIA মিত্ৰজোঁটৰ বৈঠকত অহা বছৰৰ লোকসভা নিৰ্বাচনৰ কৌশল ৰচনা কৰাৰ কথা আছিল। এই সভাখন কংগ্ৰেছে আহ্বান কৰিছিল, য’ত বিৰোধী নেতাসকলে অংশগ্ৰহণ কৰাৰ কথা আছিল। কিন্তু এতিয়া বহু নেতাই উপস্থিত নথকাৰ ইংগিত দিয়াত সভাখন পিছুৱাই দিয়া হৈছে। কিন্তু এক অনানুষ্ঠানিক বৈঠক কাইলৈ দিল্লীস্থিত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত হব। দৰাচলতে INDIA মিত্ৰজোঁটৰ এই বৈঠক স্থগিত ৰখা হৈছে এনে সময়ত যেতিয়া কংগ্ৰেছে পাঁচখন ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত লজ্জাৰ পৰাজয়ৰ সন্মুখীন হৈছে। তেলেংগানা একমাত্ৰ ৰাজ্য য’ত কংগ্ৰেছে চৰকাৰ গঠনত সফল হৈছে। ইয়াৰ বাহিৰে হিন্দী বলয়ৰ ৰাজ্য ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ত কংগ্ৰেছ নিঃশেষ হৈ গৈছে। এনে কাৰণতো এই বৈঠক স্থগিত ৰখা বুলি চৰ্চা চলিছে। কাৰ্যতঃ কংগ্ৰেছে মুখথেকেচা খাব লগা হৈছে INDIA মিত্ৰজোঁটত বিগব্ৰাদাৰৰ ভূমিকা গ্ৰহণ কৰি। অৱশ্যে INDIA মিত্ৰজোঁটৰ মূল নেতাসকলে ইয়াত অংশগ্ৰহণ কৰিবলৈ নাহিলেও তথাপি সভাখন অনুষ্ঠিত হব। এই কাৰণেই এতিয়া বিৰোধী দলসমূহে কাইলৈ ​​অনুষ্ঠিত হ’বলগীয়া INDIA মিত্ৰজোঁটৰ বৈঠকক অনানুষ্ঠানিক বৈঠক হিচাপে আহ্বান জনাইছে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ নহাৰ বাবে INDIAৰ মিত্ৰতা সন্দৰ্ভত যি প্ৰশ্ন উত্থাপন হৈছে তাৰ বাবেই এইটো এটা মধ্যম পথ হিচাপে লোৱা হৈছে বুলি ধাৰণা কৰা হৈছে। কংগ্ৰেছৰ সূত্ৰই জনাইছে যে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন INDIA মিত্ৰজোঁটৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ নতুন দিল্লীলৈ অহা নাই। ইয়াৰ কাৰণ হ’ল তামিলনাডু বৰ্তমান ঘূৰ্ণিবতাহ মিচাউঙৰ সন্মুখীন হৈছে। একে সময়তে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰো দিল্লীলৈ অহাৰ কথা আছিল যদিও স্বাস্থ্যৰ বাবে এই বিৰোধী সমাৱেশৰ পৰা আঁতৰি থাকিবলৈ ওলাইছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰৰ ঘৰত বিয়াৰ কাৰ্যসূচী আছে, যাৰ বাবে তেৱোঁ সভাত উপস্থিত থাকিবলৈ অহা নাই। অখিলেশ যাদৱো সভাত অংশগ্ৰহণ কৰিবলৈ অহা নাই। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনেও এই বৈঠকত অংশ লোৱা নাই। মাত্ৰ ছোৰেনৰ এজন প্ৰতিনিধিয়ে সভালৈ যাব। অৱশ্যে পূৰ্ব পৰিকল্পিত বৈঠক অনুসৰি কাইলৈ ​সন্ধিয়া ৬ বজাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত INDIA মিত্ৰজোঁটৰ গঠনমূলক দলসমূহৰ সংসদীয় নেতাসকলৰ বৈঠক অনুষ্ঠিত হ’ব। পৰৱৰ্তী বৈঠকৰ পূৰ্বে মঞ্চত সকলো ডাঙৰ মুখক একত্ৰিত কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব, কাৰণ ডাঙৰ ডাঙৰ মুখৰ একত্ৰিত হোৱা অনুপস্থিতিয়ে সমগ্ৰ মিত্ৰজোঁটৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। এইদৰে থাকিলে কাৰ্যতঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ হৈ পৰিব অকলশৰীয়া লগতে INDIA মিত্ৰজোঁটো হব অসাৰহে মাত্ৰ।

#বাৰ্তা ডেস্ক

You might also like