নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ প্ৰান্তে প্ৰান্তে তীৰ-তাচৰ প্ৰচলন

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ জুৱা বিৰোধী স্থিতিক উপলুঙা কৰি ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনৰ প্ৰান্তত প্ৰান্তে তীৰ নামৰ এবিধ অৱৈধ জুৱা ৰমৰমীয়াকৈ চলি থকাৰ ঘটনাই সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছ। আনকি খোদ ধুবুৰী চহৰতেই কেইবাটাও ক্লাৱত দিনৰ পৰা নিশালৈ তাচৰ জুৱা চলি থকা বুলিও চৰ্চা চলিছে। আনকি জুৱাৰ আড্ডা চলা সেই ক্লাৱ কেইটাৰ সৈতে শাসকীয় দলৰ স্থানীয় একাংশ নেতা-পালি নেতা জড়িত হৈ থকাৰ বাবেই আৰক্ষীয়ে বিষয়টোলৈ চকু মুদা কুলীৰ ভাও জুৰা বুলিও ব্যাপক বুবা আৰম্ভ হৈছে। ইপিনে খোদ ধুবুৰী পৌৰসভা এলেকাৰ ১৬ টা ৱাৰ্ডৰ প্ৰতিটোতে তীৰৰ কেইবাগৰাকীকৈ বুকি সক্ৰিয় হৈ থকা বুলিও জানিব পৰা গৈছে। আনকি মোবাইল ফোন আৰু হোৱাটচ আপ যোগে জুৱাৰীয়ে বুকীসকলৰ পৰা তীৰৰ টিকট ক্ৰয় কৰাৰো সুব্যৱস্থা আছে। এক সূত্ৰই সদৰি কৰা মতে, ধুবুৰী চহৰত খানাপাৰ আৰু শ্বিলং তীৰ বুলি তীৰৰ জুৱাৰীৰ মাজত পৰিচিত দুইবিধ তীৰৰ জুৱাই চলি আছে। বৰ্তমানে কেৱল ধুবুৰী পৌৰসভা এলাকাতেই তীৰৰ জুৱাৰ নামত দৈনিক অতি কমেও ডেৰ/দুই লাখ টকাৰ লেন-দেন হৈ থকা বুলি স্থানীয় ভূৰখা মহল একাংশ সন্দেহ প্ৰকাশ কৰা পোৱা গৈছে। ইপিনে একাংশ চৰকাৰী কৰ্মচাৰীকে ধৰি দিন হাজিৰা কৰা বহু লোকে ১ টকা বিনিয়োগ কৰি ৭২ টকা পোৱাৰ মোহত তীৰৰ জুৱাৰ নামত দৈনিক নিজৰ গাঁঠিৰ ধনৰ এক বুজন অংশ খৰচ কৰিব লোৱাটো এক অশনি সংকেত বুলিয়েই বিবেচিত হৈছে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছত বিগত ২০২২ বৰ্ষৰ ৯ জানুৱাৰীৰ নিশা সমগ্ৰ ৰাজ্যৰ ল’গতে ধুবুৰীতো চলিছিল আৰক্ষীৰ তীৰ বিৰোধী এক অভিযান। সেই অভিযানত ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনৰ পৰা তীৰৰ জুৱাৰ সৈতে জড়িত ২২ গৰাকীকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই সেই সময়ত তীৰৰ সৈতে জড়িত ধুবুৰীৰ কেইবাগৰাকী মূল পাণ্ডা আত্মগোপন কৰিছিল। ফলত স্বাভাৱিক ভাৱেই পলাবলৈ সক্ষম হোৱা তীৰৰ স্বয়ম্ভূ মালিক কেইগৰাকীয়ে আৰক্ষীৰ তীৰ বিৰোধী সেই অভিযানৰ উমান আগতীয়াকৈ পাইছিল নেকি বুলিও সন্দেহ উত্থাপিত হৈছিল। ইপিনে আৰক্ষীৰ সেই অভিযানৰ পিছত ধুবুৰীত প্ৰায় এমাহ–ডেৰমাহমান তীৰ সম্পূৰ্ণৰূপে বন্ধ আছিল যদিও বৰ্তমানে ধুবুৰীকে ধৰি জিলাখনৰ প্ৰান্তে প্ৰান্তে পুনৰ আৰম্ভ হৈছে তীৰৰ ব্যাপক প্ৰচলন। ফলত স্বাভাৱিক ভাৱেই তীৰ আৰু জুৱাৰ বিৰূদ্ধে লোৱা নমনীয় স্থিতিয়ে ধুবুৰীৰ আৰক্ষীৰ একাংশৰ ভূমিকাক লৈ উদয় হৈছে প্ৰশ্নচিহ্নৰ আৰু বিষয়টো লৈ অসম আৰক্ষীৰ শীৰ্ষ মহলৰ হস্তক্ষেপৰ কামনা কৰিছে বহুতেই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like