নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেদ আৰু গীতাক বাদ দি ভাৰতবর্ষৰ কোনো অস্তিত্ব নাই : ৱাই-২০ সন্মিলনত দিগন্ত বিশ্ব শৰ্মা

বিশেষ বাৰ্তা, ২ মার্চঃ জি–২০ সন্মিলনৰ অংশ হিচাপে কটন বিশ্ববিদ্যালয়ত দিনজোৰা কার্যসূচীৰে আজি অনুষ্ঠিত হয় ৱাই–২০ আলোচনা–চক্র৷ কটন বিশ্ববিদ্যালয় আৰু ‘থিংক ইণ্ডিয়া’ৰ সহযোগত যুটীয়াভাৱে ইণ্টেলেকচুৱেল ফ’ৰাম ফ’ৰ নর্থ ইষ্টে আয়োজন কৰা বত্তৃণতানুষ্ঠানৰ মূল বিষয় আছিল ‘ভাৰতীয় জ্ঞান ব্যৱস্থাঃ বিশ্ব দৃষ্টিভংগীৰ অতীত, বর্তমান আৰু ভৱিষ্যৎ’৷ এই অনুষ্ঠানৰ প্রথম খণ্ডত ‘যুৱ সমাজ, প্রজ্ঞা আৰু জ্ঞান’ বিষয়ত সাৰমর্ম ভাষণেৰে উপস্থিত সকলোকে আপ্লুত কৰে বিশিষ্ট অনুবাদক, গৱেষক তথা সুবক্তা দিগন্ত বিশ্ব শর্মাই৷ কেইবাগৰাকীও মহান মনীষীয়ে ভাৰতীয় জ্ঞান প্রণালীৰ ওপৰত দি যোৱা ধাৰণা ভাষণ প্রসংগত উল্লেখ কৰি তেওঁ জ্ঞান, প্রজ্ঞা আৰু যুৱ সমাজৰ অন্তৰালত নিহিত হৈ থকা গূঢ় অর্থ ব্যাখ্যা কৰে৷ ভাৰতীয় সাহিত্য–সংস্কৃতিৰ ওপৰত গভীৰ আলোকপাত কৰি শর্মাই কয় যে উপনিষদ, বেদ আৰু গীতাক বাদ দি ভাৰতবর্ষৰ কোনো অস্তিত্ব নাই৷ বিশেষকৈ সকলো শিক্ষা প্রদান কৰে বুলি শিক্ষকসকলে চিন্তা কৰিয়েই সকলো অধ্যয়ন কৰে বুলি স্বামী বিবেকানন্দই কৰি যোৱা মন্তব্যৰ আঁত ধৰি তেওঁ কয়– ‘ভাৰতবর্ষই বিশ্বাস কৰে সমগ্র পৃথিৱীৰ বাবে প্রতিটো বিষয়ৰ বাবে মাত্র এজন গুৰু আছে৷ সেই একমাত্র গুৰুজনাৰ প্রতিনিধি হৈছে বহিঃ শিক্ষাগুৰুসকল৷ কিন্তু এটা কথা দুর্ভাগ্যৰে ক’বলগীয়া হয় যে ভাৰতীয় ৰাষ্ট্রবাদী বুলি ক’বলৈ যাওঁতে ভাৰতৰ এই শাশ্বত বহু ভাৰতীয় মানুহে মতামত ৰাখে৷ উপনিষদ, বেদ আৰু গীতাক বাদ দি ভাৰতবর্ষৰ কোনো অস্তিত্ব নাই৷ ভাৰতীয় জ্ঞান প্রণালীৰ এটা প্রাথমিক ভেটি হৈছে সকলো জ্ঞান আমাৰ ভিতৰত আছে৷ আচল গুৰুজন ক’ত আছে? আমাৰ ভিতৰত আছে৷ বহিঃশিক্ষাগুৰুৰ কাম কি? আচল শিক্ষাগুৰুৰ সৈতে সংযোগ কৰি দিয়াটোৱেই বহিঃশিক্ষকসকলৰ কাম৷ কিন্তু বিশ্ববিদ্যালয় অনুদান আয়োগ–বাণিজ্যতান্ত্রিক্ যুগে আমাক আচল আচার্যজনৰ লগত পৰিচিত হ’বলৈ নিদিয়ে৷ কিন্তু কিয়? যিদিনা আমাৰ আচার্যজনৰ লগত পৰিচিত হ’ম, আমি সেইদিনাই কম বহুজাতিক কোম্পানীৰ আৰু আমি চাকৰ নহওঁ৷ মই নিজে আন এটা বহুজাতিক কোম্পানীৰ মালিক হ’ম৷ এই ভয়তে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ পৰা আৰম্ভ কৰি বাণিজ্যতান্ত্রিক যুগে আমাৰ যুৱকসকলক তেওঁলোকৰ ভিতৰৰ সম্ভাৱনাৰ সৈতে পৰিচিত হ’বলৈ নিদিয়ে৷ কাৰণ এই সম্ভাৱনাৰ সৈতে পৰিচিত হ’লে তেওঁলোকক ক’ব– মই কর্মচাৰী হ’ব নিবিচাৰোঁ৷ মই এজন চাকৰি সৃষ্টিকাৰী হ’ব বিচাৰোঁ৷ এতিয়া আমি চাকৰি বলিয়া হৈ ঘূৰি ফৰিবলগীয়া কিয় হৈছে? কিয়নো আমাৰ মাজত যি সম্ভাৱনা আছে, সেয়া আমাৰ পৰা অন্ধকাৰত ৰখা হৈছে৷ আমাৰ যিজন আচল আচার্য, যিজন আমাৰ ভিতৰত আছে, তেওঁৰ লগত আমাক পৰিচিত হ’ব নিদিয়ে৷’ আনহাতে যুৱ শব্দটোৰ বহল অর্থ ব্যাখ্যা কৰি তেওঁ কয় যে ১০০ বছৰ বয়সতো কোনো এজন ব্যক্তি যুৱ হৈ থাকিব পাৰে৷ ইয়াৰ বাবে জীৱনৰ লক্ষ্য হ’ব লাগিব অগ্রগতি৷ প্রতিমুহূর্তত নিজক কিদৰে পুনৰ জনম দিব পাৰি, সেয়া জানিব লাগিব৷ অগ্রগতিৰ বাবে ৯০ বছৰ বয়সতো অতৃপ্ত হৈ থাকিলে তেওঁ যুৱ হৈ থাকিব পাৰিব৷ বয়সৰ সৈতে তাৰুণ্যৰ কোনো সম্পর্ক নাই৷ ৯০ বছৰ বয়সতো বিকশিত হোৱাৰ যাৰ ক্ষমতা আছে, তেওঁ তৰুণ হৈ থাকিব পাৰে৷ বিকশিত হোৱাৰ অর্থ হৈছে আমাৰ সক্ষমতা বৃদ্ধি কৰা৷ ইফালে আলোচনা–চক্রখনৰ দ্বিতীয় সত্রত ‘ড্রাগ্ছ আৰু শাসন ব্যৱস্থা’ শীর্ষক বিষয়ত ভাষণ প্রদান কৰি আইপিএছ বিষয়া তথা মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সমাজত নিচাযুক্ত দ্রব্যৰ প্রভাৱে সৃষ্টি কৰা সমস্যাৰ বিষয়ে উল্লেখ কৰে৷ বিশেষকৈ ড্রাগ্ছৰ লগত মদ–ভাং–কানি আৰু অন্যান্য নিচাযুক্ত সামগ্রীসমূহে ৰাজ্যখনত কিদৰে ছানি ধৰিছে সেই বিষয়ে তেওঁ ব্যাখ্যা কৰে৷ দিল্লী–মুম্বাইৰ দৰে ৰেভ পার্টী গুৱাহাটীৰ লগতে তেজপুৰ–নলবাৰী–ব আদিৰ দৰে সৰু–বৰ ঠাইসমূহতো অনুষ্ঠিত হৈ থকা বুলি উল্লেখ কৰি তেওঁ কয়– ‘গার্হস্থ্য হিংসাৰ ঘটনা প্রতিদিনে গোচৰ হিচাপে ৰুজু হয়৷ ইয়াৰ মূল কাৰণ নিচাসক্ত ঘটনা বা পৰিয়ালৰ আন লোক৷ জনসংখ্যা বাঢ়িছে, ইয়াৰ লগে লগে অপৰাধ বাঢ়িছে৷ এয়া স্বাভাৱিক ঘটনা৷ কিন্তু ড্রাগ্ছ আদিৰ বাবে অপৰাধ বাঢ়িছে৷ ড্রাগ্ছ সেৱন কৰিলে আমাৰ বিচাৰ–বিবেচনা নোহোৱা হৈ যায়৷ চেইন টনাৰ দৰে ঘটনাত জড়িত ৯৯ শতাংশই ড্রাগছ আসক্ত৷ ড্রাগছ আসক্তিয়ে পৰিয়ালৰ মাজত সমস্যা বঢ়াইহে৷’ মহানগৰীৰ চাঞ্চল্যকৰ ‘ডাবল মার্ডাৰ’ ঘটনাৰ আঁৰতো ড্রাগছ আসক্তি এটা কাৰণ বুলি তেওঁ জানিবলৈ দিয়ে৷ সেয়েহে ড্রাগছৰ দৰে ব্যাধি সমাজৰ পৰা আঁতৰাবলৈ তেওঁ সকলোকে মাৰ বান্ধি থিয় হ’বলৈ আহ্বান জনায়৷ কটন বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ সহযোগী অধ্যাপিকা ড০ সংগীতা বৰঠাকুৰে এই দুটা সত্র সঞ্চালনা কৰে৷ এই অনুষ্ঠানতে দ্বিতীয় ভাগৰ অন্তিম সত্রৰ আদৰণী ভাষণ প্রদান কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ৰমেশ চন্দ্র ডেকাই৷ ইয়াৰ পাছত ৰাজ্যসভাৰ সাংসদ তথা ভাৰতৰ অন্যতম ৰাষ্ট্রবাদী বক্তা ড০ সুধাংশু ত্রিবেদীয়ে মূল বিষয়ত ভাষণ প্রদান কৰে৷ ইয়াৰ পিছতেই অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ পাঁচ শতাধিক ছাত্র–ছাত্রী আৰু উপস্থিত দর্শকে তেখেতৰ সৈতে মত বিনিময় কৰে৷ অনুষ্ঠানটোৰ আঁত ধৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায় শিখা বাচনেট আৰু মিথিংগা ব্রহ্মই৷ উল্লেখযোগ্য যেY20 হৈছেG20 সকলো সদস্য দেশৰ যুৱক–যুৱতীসকলে বিশ্বজনীন বিষয়সমূহৰ ওপৰত আলোচনা কৰিব পৰা এক আনুষ্ঠানিক পৰামর্শ মঞ্চ৷

You might also like